ETV Bharat / state

Faizan Ahmed death case:কলকাতালৈ নিয়া হ’ল ফাইজান আহমেদৰ মৃতদেহ

author img

By

Published : May 24, 2023, 1:30 PM IST

faizan ahmed death case
ফাইজান আহমেদৰ মৃতদেহ

আজি ডিব্ৰুগড়ৰ পৰা ইণ্ডিগ' বিমানেৰে কলকাতালৈ লৈ নিয়া হ’ল ফাইজান আহমেদৰ মৃতদেহ (Faizan Ahmed latest update) ৷ মৃতদেহৰ লগত গৈছে ফাইজানৰ পিতৃ-মাতৃ আৰু খড়গপুৰ সদৰ আৰক্ষী থানাৰ পৰিদৰ্শক আৰু আন তিনি আৰক্ষী বিষয়া ।

faizan ahmed death case
ফাইজান আহমেদৰ মৃতদেহ

ডিব্ৰুগড়, 24 মে’ : আজি ডিব্ৰুগড়ৰ পৰা ইণ্ডিগ' বিমানেৰে কলকতালৈ লৈ নিয়া হ’ল ফাইজান আহমেদৰ মৃতদেহ ৷ ডিব্ৰুগড় বিমানবন্দৰৰ পৰা দিনৰ 12 বজাৰ পূৰ্বে ইণ্ডিগ' বিমানেৰে লৈ যোৱা হ’ল ফাইজানৰ মৃতদেহ । পিতৃ-মাতৃ আৰু খড়গপুৰ সদৰ আৰক্ষী থানাৰ পৰিদৰ্শক আৰু আন তিনি আৰক্ষী বিষয়াও ফাইজান আহমেদৰ মৃতদেহৰ লগত গৈছে (Faizan Ahmed death case) ৷

faizan ahmed death case
ফাইজান আহমেদৰ মৃতদেহ

ঘটনাটো আঠ মাহৰ পূৰ্বৰ ৷ উকা হৈ পৰিছিল এহাল পিতৃ-মাতৃৰ বুকু ৷ নিজ সপোন পূৰাবলৈ ঘৰৰ পৰা আঁতৰত থাকি পঢ়িবলৈ গৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদ ৷ খড়গপুৰ আই আই টি ত (IIT) স্থান পাইছিল ফাইজানে (Faizan Ahmed IIT student) ৷ সকলো স্বাভাৱিকভাৱে চলি থকাৰ মাজতে 2022 চনৰ 14 অক্টোবৰত চিৰদিনৰ বাবে নিশ্চুপ হৈ পৰিছিল ফাইজান (Faizan Ahmed death news) ৷ হোষ্টেলৰ কোঠাত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল ফাইজানৰ মৃতদেহ ৷

faizan ahmed death case
ফাইজান আহমেদৰ মৃতদেহ

অসমৰ মেধাৱী ছাত্ৰ এজনৰ এইদৰে হোৱা মৃত্যুৱে সেই সময়ত সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীয়ে আত্মহত্যা নে হত্যাকাণ্ড সেইয়া মৰণোত্তৰ পৰীক্ষাৰ পিচতহে জানিব পৰা যাব বুলি মন্তব্য কৰি পিচলৈ কিন্তু আই আই টি কৰ্তৃপক্ষৰ সৈতে মিলি ইয়াক আত্মহত্যাৰ ঘটনা হিচাপেই গাপ দিবলৈ চেষ্টা কৰিছিল ৷ দুৰ্ভগীয়া মাতৃয়ে কিন্তু কেতিয়াও মানি লোৱা নাছিল এই কথা ৷

পৰৱৰ্তী সময়ত কলকাতা উচ্চ ন্যায়ালয়ত পিতৃ-মাতৃয়ে এই ঘটনাৰ উচ্চ তদন্তৰ দাবী জনাই আবেদন কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত পুনৰ আৰম্ভ হয় তদন্ত ৷ ন্যায়ালয়ে উক্ত তদন্তৰ বাবে গঠন কৰে উচ্চ পৰ্যায়ৰ তদন্তকাৰী কমিটি ৷ কমিটিয়ে দিয়া প্ৰতিবেদনত ফাইজানৰ মূৰৰ পিচফালে আঘাতৰ চিনৰ কথা উল্লেখ আছে যি কথা আৰক্ষীয়ে দিয়া প্ৰতিবেদনত নাছিল (Faizan Ahmed kharagpur IIT) ৷ ন্যায় বিচাৰি অভিভাৱক আদালতৰ দ্বাৰস্থ হোৱাৰ পিচতে ন্যায়ালয়ে 25 এপ্ৰিলত মৃতদেহ পুনৰ পৰীক্ষাৰ নিৰ্দেশ দিয়ে ৷ ঘটনা সংঘটিত হোৱাৰ প্ৰায় সাত মাহৰ পাচত ফাদিল হয় ফাইজান আহমেদক হত্যা কৰাৰ কথা (IIT kharagpur student death case) ৷

দুদিন পূৰ্বে উচ্চ পৰ্যায়ৰ তদন্তকাৰী দল পশ্চিমবংগৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হয়হি আৰু মঙলবাৰে খান্দি উলিওৱা হয় ১৬ অক্টোবৰত দক্ষিণ আমোলাপট্টি কৱৰস্থানত কবৰ দিয়া ফাইজানৰ মৃতদেহ ৷ কিন্তু আচৰিত কথা যে পুলিচ প্ৰশাসন আৰু আদালতৰ অনুমতি অবিহনেই কেইবাজনো লোক আহি কবৰস্থানত উপস্থিত হোৱা ঘটনাই কালি পৰিস্থিতি উতপ্ত কৰি তোলে (Faizan Ahmed latest news) ৷ কবৰ খান্দি থকা সময়ত ওচৰলৈ যোৱাত তেওঁলোকক বাধা প্ৰদান কৰে স্বয়ং ফাইজানৰ মাতৃয়ে ৷

ফাইজান আহমেদৰ মৃতদেহ

আজি দিনৰ 12 বজাৰ আগতেই ফাইজানৰ মৃতদেহ কলকাতালৈ লৈ যোৱা হ’ল ইণ্ডিগ’ বিমানেৰে (Faizan Ahmed latest update) ৷ চিৰদিনৰ বাবে উকা হৈ পৰা ফাইজানৰ পিতৃ-মাতৃয়ে এতিয়া আশাৰে বাট চাই ৰৈছে ন্যায় পোৱাৰ আশাত ৷

লগতে পঢ়ক : Faizan Ahmed death case: খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদেহ; কবৰস্থানত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.