ETV Bharat / state

Rahul Chhetri gets bail: জামিন পালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে

author img

By

Published : Feb 15, 2023, 10:08 AM IST

DU ragging case prime accused Rahul Chhetri gets bail
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মুল অভিযুক্ত ৰাহুল ছেত্ৰীৰ জামিন লাভ

ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ জামিন লাভ(DU ragging case prime accused Rahul Chhetri gets bail) । মঙলবাৰে ডিব্ৰুগড় আদালতে জামিন প্ৰদান কৰে ৰাহুল ছেত্ৰীক । ৰাহুলৰ জামিন লাভৰ পিছতেই উৎফুল্লিত তেওঁৰ সতীৰ্থসকল ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মুল অভিযুক্ত ৰাহুল ছেত্ৰীৰ জামিন লাভ

ডিব্ৰুগড়,১৫ ফ্ৰেব্ৰুৱাৰী: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ(DU ragging case) মুল অভিযুক্ত(DU Ragging incident main accused) তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহিষ্কৃত সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে লাভ কৰে জামিন(DU ragging case prime accused Rahul Chhetri gets bail) । মঙলবাৰে ৰাহুল ছেত্ৰীৰ জামিন মঞ্জুৰ কৰে ডিব্ৰুগড় আদালতে । প্ৰায় ৭০ দিন ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাহুল ছেত্ৰী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ গ্ৰেপ্তাৰক লৈ সেই সময়ত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল(DU ragging case prime accused) ।

ৰাহুল ছেত্ৰীয়ে জামিন লাভ কৰাৰ পাছতেই আনন্দত উৎফুল্লিত হৈ পৰে ৰাহুলৰ সতীৰ্থসকল । তেওঁৰ অধিবক্তাই এই সন্দৰ্ভত কয় যে দীঘলীয়া শুনানীৰ অন্তত ছেত্ৰীয়ে এই জামিন লাভ কৰিছে । ৰাহুল ছেত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ(Dibrugarh University) মূল অভিযুক্ত হয়নে নহয় সেই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয় যে, যিহেতু গোচৰটো এতিয়াও আদালতৰ বিচাৰাধীন । গতিকে আদালতত উপযুক্ত তথ্য দাঙি ধৰাৰ পাছত আদালতে দিয়া ৰায়ৰ ভিত্তিতহে এই বিষয়ে সঠিককৈ ক'ব পৰা যাব(Dibrugarh University ragging case) ।

উল্লেখযোগ্য যে ২০২২ চনৰ ২৭ নৱেম্বৰ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল সেই ভয়ংকৰ ৰেগিং কাণ্ড(Ragging at Dibrugarh university) । বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত এই ৰেগিঙৰ কাণ্ডই ৰাজ্য কঁপাই তুলিছিল । এই ৰেগিঙ কাণ্ডত গুৰুতৰভাৱে আহত হৈছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজন । এই ঘটনাৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ নাম সাঙোৰ খাইছিল ।

ঘটনাৰ পাছতে চুবুৰীয়া ৰাজ্য অৰণাচলত আত্মগোপন কৰিছিল ৰাহুল ছেত্ৰীয়ে । নামচাইৰ এজন বন্ধুৰ ঘৰত আশ্ৰয় লৈছিল ৰাহুলে ৷ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া তথা প্ৰতিবাদৰ ফলত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰাৰ লগতে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া । সেই সময়ত আটক কৰা হৈছিল ঘটনাৰে জড়িতৰ অভিযোগত ৬ জনকৈ অভিযুক্তক । কিন্তু আৰক্ষীয়ে ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশেষত ৫ ডিচেম্বৰত ৰাহুল ছেত্ৰীয়ে লেখাপানী থানাত আত্মসমৰ্পণ(Rahul Chetry surrendered) কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ কৰি লৈ আনিছিল ডিব্ৰুগড় সদৰ থানালৈ(Rahul Chetry arrested) ।

লগে লগে আৰক্ষীয়ে ৰাহুল ছেত্ৰীক চলাইছিল মাৰাথান জেৰা । ৰাহুলে নিজকে ৰেগিং কাণ্ডৰ লগত জড়িত নহয় বুলি দাবী কৰিছিল যদিও ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে লাভ কৰিছিল বহুতো প্ৰমাণ । লক্ষণীয়ভাৱে সেই ৰেগিং কাণ্ডৰ সৈতে নাম সাঙোৰ খাইছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নৱ নিবাৰ্চিত সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ (DU GS Ujjal Ankur Borah) । কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে উজ্জ্বল অংকুৰ বৰা ঘটনাৰ লগত জড়িত থকাৰ কোনো তথ্য লাভ কৰা নাছিল ৷

লগতে পঢ়ক: Paper Mill Scrap Auction: কাগজ কলৰ অস্থাৱৰ সম্পত্তিৰ নিলামত কেলেংকাৰী, এন এছ ইউ আইৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.