ETV Bharat / state

অমৃত কালত দিচাং নৈৰ দূষিত পানীয়ে শেষ ভৰসা নাহৰকটীয়াৰ শিলগ্ৰান্ট ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 11:42 AM IST

ধোঁৱাচাঙত উঠিল জল জীৱন আঁচনি (jal jeevan mission) ৷ বিশুদ্ধ খোৱাপানীৰ( drinking water) অভাৱত দিন কটাইছে নাহৰকটীয়াৰ 2 নং শিলগ্ৰান্টৰ ৰাইজে (Naharkatia) ৷

drinking water problem in naharkatia
অমৃত কালত দিচাং নৈৰ দূষিত পানীয়ে শেষ ভৰষা নাহৰকটীয়াৰ শিলগ্ৰান্ট ৰাইজৰ

অমৃত কালত দিচাং নৈৰ দূষিত পানীয়ে শেষ ভৰষা নাহৰকটীয়াৰ শিলগ্ৰান্ট ৰাইজৰ

ডিব্ৰুগড়, 25 ডিচেম্বৰ : দেশৰ পাঁচখন ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে ৰঙীণ সপোন দেখুৱাই ৰাইজৰ বাবে এখনৰ পাচত আন এখন আঁচনি ঘোষণা কৰিছে । বিকশিত ভাৰত সংকল্প যাত্ৰা কৰি শাসকীয় মন্ত্ৰী-বিধায়কে পঞ্চায়তে পঞ্চায়তে গৈ কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ আঁচনিসমূহ অৱগত কৰিছে ৰাইজক ।

কিন্তু চৰকাৰৰ উন্নয়ন আৰু বিকশিত ভাৰত শ্লোগানৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে নাহৰকটীয়াত ৷ কোটি কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ন কৰা জল জীৱন আঁচনিয়ে ঢুকিয়ে পোৱা নাই নাহৰকটীয়াৰ একাংশ ৰাইজক ৷ যেন ধোঁৱা চাঙত উঠিছে জল জীৱন আঁচনি ৷ জল আছে কিন্তু জলেহে ৰাইজক দিব পৰা নাই জীৱন ৷

সেয়ে বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে নাহৰকটীয়াৰ 2 নং শিলগ্ৰান্টৰ ৰাইজে ৷ আনহাতে উক্ত আঞ্চলটোত পানী যোগান কেন্দ্ৰ এটা আছে ৷ কিন্তু দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিকল হৈ পৰিছে কেন্দ্ৰটো । যাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে শিলগ্ৰান্টবাসী ৰাইজে । বিগত 7-8 মাহ ধৰি পানী যোগান আঁচনি কেন্দ্ৰটো অচল হৈ পৰাত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে শিলগ্ৰান্টবাসী ৰাইজে ।

উল্লেখ্য যে, নদীকাষৰীয়া অঞ্চল হোৱা বাবে কাৰোবাৰ ঘৰত দমকল থাকিলেও পানী নোলায় । যাৰ ফলত দুৰ্ভগীয়া ৰাইজৰ বাবে পানীৰ প্ৰধান উৎস হৈ পৰিছে দিচাং নৈ । দিচাং নদীত গা-ধোৱা, কাপোৰ ধোৱাৰ উপৰিও একেখিনি অপৰিষ্কাৰ পানী খাবলৈও ব্যৱহাৰ কৰি আহিছে শিলগ্ৰান্ট অঞ্চলৰ ৰাইজে । ফলত চৰ্ম ৰোগ, কলেৰা, ডায়েৰিয়া আদি বিভিন্ন সংক্ৰমক ৰোগত আক্ৰান্ত হৈ আহিছে ৰাইজ ।

সেয়ে শীঘ্ৰে বিকল হৈ থকা পানীযোগান কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে । আনহাতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সমষ্টিৰ ৰাইজে আজিৰ দিনত দিচাং নৈৰ পানী সেৱন কৰিব লগীয়া হৈছে ৷

লগতে পঢ়ক : ধোঁৱাচাঙত স্বচ্ছ ভাৰত আঁচনি , ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.