ETV Bharat / state

ধোঁৱাচাঙত স্বচ্ছ ভাৰত আঁচনি , ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 2:28 PM IST

Swachh bharat scheme
ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবসিত হৈছে ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰায় তিনি কিলোমিটাৰ পৰ্যন্ত পথচোৱাৰ দুয়ো-কাষে বিভিন্ন ধৰণৰ গেলা-পচা জাৱৰ জোঁথৰেৰে ভৰি কদৰ্যময় আৰু দুৰ্গন্ধময় অৱস্থাৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী স্থানীয় ৰাইজৰ ।

ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

মৰাণ, 24 ডিচেম্বৰ : স্বচ্ছ ভাৰত আঁচনিৰ নামত দেশজুৰি ৰঙীণ বিজ্ঞাপন। কেন্দ্রীয় চৰকাৰে সমগ্ৰ দেশতে স্বচ্ছ ভাৰত আঁচনি ৰূপায়ণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। আঁচনিখন সফল ৰূপায়ণৰ ক্ষেত্ৰত অধিক পৰিমাণৰ ধন খৰচ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে । ইয়াৰ সমান্তৰালভাৱে স্বচ্ছ ভাৰত আঁচনিৰ প্ৰতি ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে হাতত ঝাড়ু লৈ কাৰ্যসূচী ৰূপায়ণ কৰে।

তেনে সময়ত উজনি অসমৰ আগশাৰীৰ চহৰ ডিব্ৰুগড়ত ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত আঁচনি । ডিব্ৰুগড় বৰবৰুৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া পৰিণত হৈছেগৈ ডাম্পিং গ্ৰাউণ্ডলৈ । বৰবৰুৱাৰ পৰা জামিৰা তিনিআলিলৈকে প্ৰায় তিনি কিলোমিটাৰ পৰ্যন্ত পথচোৱাৰ দুয়ো-কাষে বিভিন্ন ধৰণৰ গেলা-পচা জাৱৰ জোথৰেৰে ভৰি কদৰ্যময় আৰু দুৰ্গন্ধময় অৱস্থাৰ সৃষ্টি হৈছে। ফলত দুৰ্গন্ধময় অৱস্থাৰে অস্বাস্থ‍্যকৰ পৰিৱেশৰ মাজেৰে যাত্ৰী সকলে যাতায়ত কৰিবলগীয়া হৈছে ।

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি বৰবৰুৱা বজাৰৰ কিছু সংখ্যক অসাধু ব‍্যৱসায়ীয়ে আন্ধাৰৰ সুযোগ লৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সেই স্থানতে নিতৌ গেলা-পচা জাৱৰসমূহ পেলাই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি আহিছে। কিন্তু সেই ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা পালন কৰিছে নিচেই কাষতে থকা বৰবৰুৱা থানাৰ আৰক্ষীয়ে । আনকি দেখিও ডিব্ৰুগড় পৌৰসভাৰ লগতে বৰবৰুৱা উন্নয়ন খণ্ডৰ বিষয়াসকলে নেদেখাৰ ভাও ধৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ফলত এতিয়া যাত্ৰী সকলে নাক কোঁচাই অতি দুৰ্গন্ধময় পৰিৱেশৰ মাজেৰে যাতায়ত কৰিবলগীয়া হৈছে ৷ ঘাইপথটোত সৃষ্টি হোৱা জাৱৰৰ দমে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ এই ক্ষেত্ৰত অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে । এনে পৰিৱেশৰ ফলত স্থানীয় লোকসকলে গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কৰিছে ৷

লগতে পঢ়ক: গুৱাহাটীৰ যান-জঁটৰ সমস্যা সমাধানৰ কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন ধোঁৱাচাঙত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.