ETV Bharat / state

গুৱাহাটীৰ যান-জঁটৰ সমস্যা সমাধানৰ কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন ধোঁৱাচাঙত

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 9:24 PM IST

Traffic Chaos in Guwahati : গুৱাহাটীত যান-জঁটৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ‌ অভাৱ‌ ৷ জনসংখ্যা বৃদ্ধি আৰু তাৰ লগতে যান-বাহনৰ সংখ্যা বৃদ্ধিয়ে গুৱাহাটীৰ বৰ্তমানৰ এই যান-জঁটৰ সমস্যাক অনাগত দিনত অধিক ভয়াৱহ কৰি তুলিব ৷

Traffic Chaos in Guwahati
গুৱাহাটীৰ যান-জঁটৰ সমস্যাৰ সমাধান কেতিয়া ?

গুৱাহাটী, 23 ডিচেম্বৰ : মহানগৰীৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে যোৱা কিছু বছৰৰ পৰা ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি গুৱাহাটী মহানগৰীত উৰণ সেতু নিৰ্মাণ কৰি আছে ৷ কিন্তু প্ৰকৃতাৰ্থত গুৱাহাটীৰ যানজট হ্ৰাস হৈছে নে ? শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বাধীন ৰাজ্য চৰকাৰে গুৱাহাটী জি এন‌ বি আৰু মণিৰাম দেৱান পথৰ ওপৰত এখন দীঘল উৰণ‌সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ ইয়াকে লৈ একাংশৰ‌ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ‌ সৃষ্টি হৈছে ৷

উল্লেখ্য যে প্ৰকৃতাৰ্থত গুৱাহাটীত যান-জঁটৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ‌ অভাৱ‌ দেখা‌ গৈছে ৷ লক্ষণীয়ভাৱে প্ৰাধিকৰণে গুৱাহাটীৰ বাবে প্ৰস্তুত কৰা সাধাৰণ মাষ্টাৰ প্লেনখন দীৰ্ঘদিন ধৰি ধোঁৱাচাঙত তুলি থোৱা আছে ৷ একেদৰে যান-বাহন আৰু ৰাজহুৱা পৰিবহনৰ বাবে যুগুত কৰিবলৈ বিচৰা বিস্তাৰিত পৰিকল্পনা আৰম্ভণিৰ পৰ্যায়তে স্তব্ধ হৈ পৰে ৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ যান-জঁটৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰায় 10 বছৰ পূৰ্বে এটা দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আগবাঢ়িছিল ৷

প্ৰাধিকৰণে ‘কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন’(Comprehensive Mobility Plan) চমুকৈ চি এম পি নামেৰে গুৱাহাটীৰ যান-বাহন আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাবে এই পৰিকল্পনা যুগুত কৰাৰ লক্ষ্য লৈছিল ৷ এই সন্দৰ্ভত নিবিদাও আহবান কৰা হৈছিল যদিও পিছত সকলো স্তব্ধ হৈ পৰিল ৷ গুৱাহাটী মহানগৰীৰ জনসংখ্যা বৃদ্ধি আৰু তাৰ লগতে যান-বাহনৰ সংখ্যা বৃদ্ধিয়ে গুৱাহাটীৰ বৰ্তমানৰ এই যান-জঁটৰ সমস্যাক অনাগত দিনত অধিক ভয়াৱহ কৰি তুলিব ৷ পৰিকল্পনা অবিহনে ৰাজধানী মহানগৰীৰ উন্নয়নৰ গতিত স্থবিৰতা অহাটো নিশ্চিত ৷

উল্লেখ্য যে চৰকাৰী সমীক্ষা ‌মতে গুৱাহাটী মহানগৰীৰ 2010 চনত জনসংখ্যা আছিল 12,44,713 ৷ ইয়াৰ বিপৰীতে গুৱাহাটীৰ জনসংখ্যা 2015 চনত 14,98,970 আৰু 2020 চনত 18,05,163 নিৰ্দ্ধাৰণ কৰিছিল ৷ সমীক্ষা মতে গুৱাহাটীত জনসংখ্যা 2025 চনলৈ 21,73,902 লৈ বৃদ্ধি হ'ব ৷ চৰকাৰী আন এক সমীক্ষাত প্ৰকাশ কৰা মতে, 2004 চনত গুৱাহাটীৰ ৰাজপথত প্ৰতিদিনে চলাচল কৰা 10,949 খন দুচকীয়া বাহনৰ সংখ্যা 2025 চনত 60,219 খনলৈ বৃদ্ধি হ’ব ৷

ঠিক সেইদৰে 2004 চনত প্ৰতিদিনে চলাচল কৰা 3,939 খন বাণিজ্যিক তিনিচকীয়া আৰু চাৰিচকীয়া যাত্ৰীবাহী বাহনৰ সংখ্যা 2025 চনত 14,957 খনলৈ বৃদ্ধি হ’ব ৷ 2004 চনত প্ৰতিদিনে চলাচল কৰা 15,475 খন ব্যক্তিগত বাহনৰ সংখ্যা 2025 চনত 66,942 খনলৈ বৃদ্ধি হ’ব ৷ সমীক্ষা মতে 2004 চনত প্ৰতিদিনে চলাচল কৰা 1,608 খন চিটীবাছৰ সংখ্যা 2025 চনত 2,013 খনলৈ বৃদ্ধি পাব ৷ 2004 চনত প্ৰতিদিনে চলাচল কৰা 11,967 খন সামগ্ৰী কঢ়িওৱা বাহনৰ সংখ্যা 2025 চনত 38,764 খনলৈ বৃদ্ধি হ’ব ৷

সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি মহানগৰীৰ ভিতৰত 18.2 শতাংশ মানুহে খোজকাঢ়ি, 44,05 শতাংশ মানুহে ব্যক্তিগত বাহনত, 30.02 শতাংশ মানুহে বাছত আৰু 6.7 শতাংশ মানুহে চাইকেল আদি অন্যান্য বাহনেৰে যাতায়াত কৰে ৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত চৰকাৰীভাৱে পযাপ্ত পাৰ্কিং স্থানৰ ব্যৱস্থা কৰা, কম্প্ৰিহেনছিভ ম’বিলিটী প্লেন কাৰ্যকৰীকৰণত চৰকাৰৰ ব্যৰ্থতা আদিয়ে গুৱাহাটীত যান-জঁটৰ সমস্যা জটিল‌ কৰি তুলিছে ৷ ইতিমধ্যে গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ কামো যোৱা 6 বছৰ ধৰি কোনো অগ্ৰগতি হোৱা নাই ৷ এইবোৰ বিষয়ত চৰকাৰে গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কেৱল উৰণ সেতু নিৰ্মাণেৰে গুৱাহাটীৰ যান-জঁটৰ সমস্যা সমাধানৰ প্ৰচেষ্টা চলাইছে ৷

লগতে পঢ়ক : বাল্যবিবাহ, বহুবিবাহৰ পৰা আৰম্ভ কৰি বিশ্ব ৰেকৰ্ডলৈকে; ২০২৩ বৰ্ষত চৰ্চাৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.