ETV Bharat / state

বৰাকক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান ড৹ নগেন শইকীয়াৰ

author img

By

Published : Oct 22, 2021, 5:41 PM IST

Updated : Oct 22, 2021, 10:23 PM IST

Dr. Nagen saikia demands DIVIDE of Barak from Assam
বৰাকক অসমৰ পৰা পৃথক কৰি দিয়াৰ দাবী ড৹ নগেন শয়কীয়াৰ

বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান জনালে বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ বৰাকত অসমীয়া ফলকত ক’লা ৰং সানি কাৰ্যক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷

ডিব্ৰগড়, 22 অক্টোবৰ : অসমৰ পৰা বৰাক উপত্যকাক পৃথক কৰি দিয়াৰ আহ্বান জনালে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ বৰাকত অসমীয়া ফলত ক’লা ৰং সানি কাৰ্যক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ তেওঁ কয়, বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত । আমি সদাই বিপদসংকুল মনোভাৱ লৈ জীয়াই থাকিব নোৱাৰোঁ ।

বৰাকক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান ড৹ নগেন শইকীয়াৰ

শুকুৰবাৰে সাহিত্যিক ড৹ নগেন শইকীয়াই বৰাকৰ ঘটনা সন্দৰ্ভত নিজ গৃহত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত বৰাকত অসমীয়া ভাষাৰ ওপৰত কৰা আক্ৰমণক তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷ তেওঁ স্পষ্টভাৱে কয়, আমি সংঘাত নহয় সমন্বয় বিচাৰোঁ, হিংসা নহয় শান্তি বিচাৰোঁ ৷

বৰাকত অসম আৰু অসমীয়া বিদ্বেষী মনোভাৱ ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ মনোভাৱ সৃষ্টিত বিজেপি দলৰ কৰ্মীও জড়িত থকাৰ বাতৰি পঢ়ি আৰু শুনি অনিচ্ছাসত্ত্বেও মনত এই ভাব সৃষ্টি হৈছে ৷ শান্তিৰে থাকিবলৈ অসমৰ পৰা বৰাকক পৃথক কৰিব লাগিব ৷ বৰাক উপত্যকাক পৃথক ৰাজ্যৰ মৰ্যাদা দিয়াৰ ব্যৱস্থাইহে এনে সংঘাতৰ ওৰ পেলোৱা সম্ভৱ হ'ব বুলি কয় ড৹ নগেন শইকীয়াই ৷

তেওঁ লগতে কয়, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাই এবাৰ কৈছিল যে কাছাৰ অসমৰ বাবে কেন্সাৰ স্বৰূপ ৷ সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি ড৹ মহেন্দ্ৰ বৰায়ো কাছাৰক পৃথক কৰাৰ প্ৰয়োজন আছে বুলি ভাবিছিল ।

লগতে পঢ়ক: ভাৰতীয় নাগৰিকত্ব বিচাৰি 4046 গৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ আবেদন

Last Updated :Oct 22, 2021, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.