ETV Bharat / state

ভাৰতীয় নাগৰিকত্ব বিচাৰি 4046 গৰাকী হিন্দু সম্প্ৰদায়ৰ লোকৰ আবেদন

author img

By

Published : Oct 22, 2021, 2:24 PM IST

অপেক্ষা মাথো নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ বিধি বলৱৎ হোৱালৈ । তিনি ৰাষ্ট্ৰৰ নিৰ্যাতিত বহু লোকে বিচাৰে ভাৰতৰ আশ্ৰয় । লোকসভাত উল্লেখিত তথ্য অনুসৰি, 2021 চনৰ 30 জুলাই পর্যন্ত ভাৰতত নাগৰিকত্ব বিচাৰি তিনি ৰাষ্ট্ৰৰ 4046 গৰাকী হিন্দু লোকে আবেদন কৰিছে । পুনৰ নাগৰিকত্ব সংশোধনী আইনখনৰ সংশোধন হ’ব নেকি?

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

গুৱাহাটী, 22 অক্টোবৰ : বাংলাদেশত সংখ্যালঘু লোকসকল বিশেষকৈ হিন্দু সম্প্ৰদায়(Hindu Community)ৰ লোকসকল সংখ্যাগুৰুৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হৈ অহাটো কোনো নতুন কথা নহয় । কিন্তু শেহতীয়াকৈ হোৱা হিংসাত্মক ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ভাৰতবৰ্ষত । অসমতো ইয়াৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । এই প্ৰতিক্ৰিয়াৰ মাজতে এটা প্ৰশ্নৰো অৱতাৰণা হৈছে ।

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ বিধি বলৱৎ হোৱাৰ লগে লগে বাংলাদেশৰ নিৰ্যাতিত লোকসকলে ভাৰতলৈ আহিব বিচাৰিব নেকি? বৰ্তমানলৈকে নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলৱৎ হোৱা নাই । কিন্তু ইয়াৰ পূৰ্বেই বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ 4046 গৰাকী সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকে ভাৰতীয় নাগৰিকত্ব(Indian Citizenship) বিচাৰি আবেদন কৰিছে । এইসকল লোকে অনলাইনযোগে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰিছে ।

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

অৱশ্যে এতিয়ালৈকে তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিয়া হোৱা নাই । প্ৰাপ্ত তথ্য মতে, ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলৱৎ হোৱালৈ অপেক্ষা কৰি আছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ বহু সংখ্যক লোকে । বিধি বলৱৎ হ’লেই নাগৰিকত্ব বিচাৰি আবেদন কৰা লোকৰ সংখ্যা বৃদ্ধি হোৱাতো নিশ্চিত । বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়েও তাৰেই আভাস প্ৰদান কৰিছে ৷

উল্লেখ্য যে, 1955 চনৰ নাগৰিকত্ব আইন অনুসৰি ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ ব্যৱস্থা বলৱৎ হৈ আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Modi) নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰথমে 2016 চনত 1955 চনৰ নাগৰিকত্ব আইন সংশোধনৰ বাবে সংসদত বিধেয়ক উত্থাপন কৰিছিল । কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰ নাগৰিকত্ব আইনৰ সংশোধনী-বিধেয়ক উত্থাপন কৰি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ক নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

সংশোধনীৰ বাবে উত্থাপন কৰা প্ৰথমখন বিধেয়কতেই 2014 চনৰ 30 ডিচেম্বৰৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা তিনি ৰাষ্ট্ৰৰ হিন্দু, খ্ৰীষ্টান, শিখ, বৌদ্ধ, ফৰাচী আৰু জৈন সম্প্ৰদায়ক ভাৰতত নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । সংসদত বিধেয়ক উত্থাপনৰ পাচত 2018 চনৰ পৰাই 1955 চনৰ নাগৰিকত্ব আইনৰ অধীনত অনলাইনযোগে নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল ।

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

লক্ষণীয় বিষয় যে, বিতৰ্কিত এই বিধেয়কখন সংসদত গৃহীত কৰাত মোডী চৰকাৰ(Modi Govt) প্ৰথমে সফল হোৱা নাছিল । শেষত পুনৰ 2019 চনত সংসদত বিতৰ্কিত বিধেয়কখন উত্থাপন কৰা হৈছিল আৰু সেই বছৰে দুয়োখন সদনত বিধেয়ক গৃহীত হোৱাত আইনখনৰ নাম হয়গৈ নাগৰিকত্ব (সংশোধনী) আইন 2019(Citizenship Ammendment Act 2019) ৷ সংশোধনী আইনৰ মতে, বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত নির্যাতিত ছটা সম্প্ৰদায়ৰ নাগৰিকে ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন কৰিব পাৰিব ।

2014 চনৰ 30 ডিচেম্বৰ পর্যন্ত ভাৰতত প্ৰৱেশ কৰা নির্যাতিত নাগৰিকে ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন কৰিব পাৰিব । কিন্তু 2019 চনৰ সংশোধনী আইনৰ এই পর্যন্ত বিধি বলৱৎ হোৱা নাই ৷ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সংসদত দাখিল কৰা তথ্য অনুসৰি, নাগৰিকত্ব (সংশোধনী) আইন 2019ৰ জাননী 2019 চনৰ 12 ডিচেম্বৰত জাৰি কৰা হৈছিল ৷

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

আইনখনৰ বিধি বলৱৎ কৰাৰ বাবে 2022 চনৰ 9 জানুৱাৰী পর্যন্ত সময় নিৰ্দ্ধাৰণ কৰা হৈছে ৷ 2022 চনৰ 9 জানুৱাৰীত আইনখনৰ বিধি বলৱৎ হোৱাৰ পাচত বিধি অনুসাৰে চুবুৰীয়া ৰাষ্ট্ৰৰ নির্যাতিত নাগৰিকসকলক নাগৰিকত্ব দিয়া হ’ব ৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে, আইনখনৰ বিধি বলৱৎ হোৱা নাই যদিও পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু নাগৰিকে অনলাইনযোগে ভাৰতত নাগৰিকত্ব বিচাৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত উল্লেখ কৰা তথ্য মতে, 2021 চনৰ 30 জুলাই পর্যন্ত ভাৰতত নাগৰিকত্ব বিচাৰি 4046 গৰাকী লোকে আবেদন কৰিছে । আবেদনকাৰীসকল হিন্দু সম্প্ৰদায়ৰ লোক বুলি তেওঁ উল্লেখ কৰে ৷ আনহাতে, যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰিছে তেওঁলোক পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা লোক । এইসকলৰ আবেদনৰ সম্পৰ্কত চৰকাৰে এই পর্যন্ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই । অর্থাৎ চৰকাৰে আইনখনৰ বিধি বলৱৎ হোৱালৈ অপেক্ষা কৰিছে ।

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

এইখিনিতে আন এক প্ৰশ্নৰ উদয় হৈছে । নাগৰিকত্ব সংশোধনী আইনখনৰ পুনৰ সংশোধন হ’ব নেকি? কাৰণ আফগানিস্তান আৰু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাচত নাগৰিকত্ব (সংশোধনী) আইন 2019 পুনৰ সংশোধন হোৱাৰ প্ৰশ্নৰ অৱতাৰণা হৈছে । কাৰণ তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুলকে ধৰি সমগ্ৰ দেশ দখল কৰাৰ পাচত নৰেন্দ্ৰ মোডী চৰকাৰে দেশখনত বাস কৰা শিখ আৰু হিন্দু সংখ্যালঘুৰ বাবে ভাৰতৰ দুৱাৰ খোলা বুলি ঘোষণা কৰিছে ।

আইনখনত উল্লেখিত অনুসৰি, 2014 চন পর্যন্ত ভাৰতত প্ৰৱেশ কৰা তিনি ৰাষ্ট্ৰৰ 6 টা সম্প্ৰদায়ে ভাৰতত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে । নির্যাতিত ধর্মীয় সংখ্যালঘু হ’লেও আইন মতে 2014 চনৰ পাচত অহা লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব নোৱাৰে ।

application for seeking indian citizenship
ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন

সেয়েহে প্ৰশ্ন উঠিছে যে, বাংলাদেশ আৰু আফগানিস্তানত নিৰ্যাতনৰ সন্মুখীন হৈ আহিব বিচৰা হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলক ভাৰতে শৰণার্থী হিচাপে ৰাখিব নে আইন সংশোধন কৰি নাগৰিকত্ব দিব? যদি আইন সংশোধন কৰা হয়, তেন্তে সময়সীমা বৃদ্ধি কৰিব লাগিব । সম্প্ৰতি এই বিষয়টোক লৈ বিশেষভাৱে চৰ্চা চলিছে সচেতন মহলৰ মাজত ৷

লগতে পঢ়ক : টীকাকৰণ অভিযান উদ্বিগ্নতাৰ পৰা আশ্বাসলৈ এক যাত্ৰা : প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.