ETV Bharat / state

নামৰূপ সাৰ কাৰখানাত আছুৰ অনশন

author img

By

Published : Aug 15, 2021, 7:25 PM IST

১৪ বছৰে নিৰ্মাণ নহ'ল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট । অথলে গ'ল চৰকাৰৰ প্ৰতিশ্ৰুতি । চৰকাৰৰ অৱহেলাৰ বাবে আছুৱে আৰম্ভ কৰিছে অনশন কাৰ্যসূচী ।

aasu hunger strike
নামৰূপ সাৰ কাৰখানাত আছুৰ অনশন

নাহৰকটীয়া, ১৫ আগষ্ট : কাগজ কলৰ পৰা আৰম্ভ কৰি পূৰ্বৰ বহু উদ্যোগ প্ৰতিষ্ঠান এতিয়া লাহে লাহে অসমৰ ইতিহাসৰ পৰা বিলিন হ'বলৈ আৰম্ভ কৰিছে । চৰকাৰী অৱহেলাৰ বাবে অসমৰ এনে বহু উদ্যোগৰ উপৰিও নামৰূপৰ সাৰ কাৰখানালৈও (Namrup Fertilizer company) আহিছে বিপদ । বিভিন্ন সময়ত সাৰ কাৰখানাৰ উন্নয়নৰ বাবে দল-সংগঠনসমূহে প্ৰতিবাদ কৰি আহিছে যদিও তাৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা কৰা নাই চৰকাৰে ।

নামৰূপ সাৰ কাৰখানাত আছুৰ অনশন

যাৰ বাবে পুনৰ সদৌ অসম ছাত্ৰ সন্থা (All Assam Student Union) সৰৱ হৈ পৰিছে । নামৰূপৰ (BVFCL) চতুৰ্থ গোটৰ নিৰ্মাণ আৰু সাৰৰ ক'লা বজাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাই শনিবাৰৰ পৰা ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । সাৰ কাৰখানাটোৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উল্লেখ্য যে, ২০০৬ চনতে তেতিয়াৰ কেন্দ্ৰীয় সাৰমন্ত্ৰী ৰামবিলাস পাছোৱানে (Ram vilash Paswan) নামৰূপত উপস্থিত হৈ ঘোষণা কৰিছিল চতুৰ্থটো গোট নিমাৰ্ণৰ কথা । কিন্তু ১৪ টাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো নিৰ্মাণ নহ'ল চতুৰ্থগোটটো (Forth plant) ।

প্ৰথম আৰু দ্বিতীয় গোট দুটাৰ আয়ুসকাল উকলি যোৱাত ইতিমধ্যে বন্ধ হৈ পৰিছে গোট দুটা ৷ তৃতীয় গোটটোৰো আয়ুসকাল উকলি গৈছে যদিও উদ্যোগটোৱে দৈনিক ৫৫০ মেট্ৰিক টন সাৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে । কৃষি প্ৰধান ৰাজ্য অসমক বছৰি প্ৰয়োজন হয় ৫ পৰা ৫.৩০ লাখ মেট্ৰিক টন ইউৰীয়া সাৰ ৷ কিন্তু ৰুগ্ন উদ্যোগটোৱে সেই পৰিমাণৰ সাৰ যোগান ধৰাত ব্যৰ্থ হৈছে ৷ ফলস্বৰূপে সমগ্ৰ ৰাজ্যত সাৰৰ ক'লা বজাৰ সৃষ্টি হৈছে ৷

যাৰ ফলত ২৬০ টকাৰ ইউৰীয়া ৫০০-৬০০ টকাত বিক্ৰী কৰি অসাধু চক্ৰই বছৰি ১৫০ কোটি টকাৰ এখন ক'লা বজাৰ সৃষ্টি কৰিছে । ইফালে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰ খনে সময় থাকোতেই যদি চতুৰ্থগোট স্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এদিন অস্তিত্বহীন হৈ পৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম সাৰ উদ্যোগটো । সেয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আছু নেতা-কৰ্মীসকলে । অতি শীঘ্ৰে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে আছুৱে ।

লগতে পঢ়ক :শালবাৰীত ইউপিপিএলৰ কৰ্মী সভাত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.