ETV Bharat / state

30 টা হাই মাষ্ট লাইটেৰে মুখ্যমন্ত্ৰীয়ে আলোকিত কৰিলে ডিব্ৰুগড় চহৰ

author img

By

Published : Oct 30, 2020, 10:17 PM IST

অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগ আৰু ডিব্ৰুগড় পৌৰসভাৰ উদ্যোগত ডিব্ৰুগড় চহৰত প্ৰায় ডেৰকোটি টকা ব্যয় কৰি 30 টা হাইমাষ্ট বিজুলী বাতি স্থাপন কৰিছিল। বিশেষকৈ ডিব্ৰুগড় চহৰৰ জনসমাগম স্থান সমূহ অসম চিকিৎসা মহাবিদ্যালয় চৌহদ, বাছ আস্থান, চহৰৰ থানা চাৰিআলিৰ দৰে গুৰুত্বপূৰ্ণ স্থান সমূহ পোহৰাই ৰখাৰ উদ্দেশ্যে ডিব্ৰুগড় বাসীক প্ৰদান কৰে 30 টাকৈ উন্নত হাই মাষ্ট লাইট।

dibrugarah visite cm sarbananda sonwal  inauguration 30 high mast light
লক্ষ্মী পূজাৰ সন্ধিয়া মুখ্যমন্ত্ৰীয়ে 30 টা লাইট জ্বলাই আলোকিত কৰিলে ডিব্ৰুগড় চহৰ

ডিব্ৰুগড়,30 অক্টোবৰ : লক্ষ্মী পূজাৰ সন্ধিয়া গৃহ চহৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ হাই মাষ্ট বিজুলী বাতি আঁচনিৰ উদ্বোধন । গৃহ চহৰ ডিব্ৰুগড়ক উজলাই ৰখাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ প্রদক্ষেপ গ্ৰহণ । এই পদক্ষেপ অনুযায়ী অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগ আৰু ডিব্ৰুগড় পৌৰসভাৰ উদ্যোগত ডিব্ৰুগড় চহৰত প্ৰায় ডেৰকোটি টকা ব্যয় কৰি 30 টা হাইমাষ্ট বিজুলী বাতি স্থাপন কৰিছিল। বিশেষকৈ ডিব্ৰুগড় চহৰৰ জনসমাগম স্থান সমূহ অসম চিকিৎসা মহাবিদ্যালয় চৌহদ, বাছ আস্থান, চহৰৰ থানা চাৰিআলিৰ দৰে গুৰুত্বপূৰ্ণ স্থান সমূহ পোহৰাই ৰখাৰ উদ্দেশ্যে ডিব্ৰুগড় বাসীক প্ৰদান কৰে 30 টাকৈ উন্নত হাই মাষ্ট লাইট ।

লক্ষ্মী পূজাৰ সন্ধিয়া মুখ্যমন্ত্ৰীয়ে 30 টা লাইট জ্বলাই আলোকিত কৰিলে ডিব্ৰুগড় চহৰ

শুকুৰবাৰে এই উপলক্ষে চহৰৰ H.S ৰোডত জিলা প্ৰশাসন আৰু পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত এটি অনুষ্ঠানৰ জৰিয়তে এই সেৱা মুকলি কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, অসম চৰকাৰে কাৰ্যভাৰ লোৱাৰ পিচতে অসমৰ ছখন চহৰ বিশেষ ভাবে সজাই তোলাৰ যি পৰিকল্পনা লৈছিল তাৰ ভিতৰত এখন হৈছে ডিব্ৰুগড় । তাৰেই অংশ হিচাপে এই ঐতিহাসিক চহৰ খনত আজি 30 টাকৈ হাইমাষ্ট লাইট লগোৱা হয় । ইয়াৰ উপৰিও চহৰ খনত আৰু 500টা চলাৰ লাইটো লগোৱা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱাই ৷

লগতে পঢ়কঃ ৯০০ কোটিৰ হিচাপক লৈ দিছপুৰত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.