ETV Bharat / state

আকস্মিক দূৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে চি আৰ পি এফ জোৱানৰ

author img

By

Published : Dec 3, 2021, 11:42 AM IST

চুটিত আহি পুনৰ কৰ্মস্থলীলৈ ঘূৰি নগ’ল কৰণি ৷ শোকাৱহ দুৰ্ঘটনাত চিৰ দিনৰ বাবে শুই পৰিল চি আৰ পি এফৰ জোৱানজন (CRPF Jawan Death at Dibrugarh)৷

Terrible road accident in Dibrugarh
কৰ্মস্থলীলৈ ঘূৰি নগ’ল কৰণি

মৰাণ, 3 ডিচেম্বৰ : ডিব্ৰুগড়ৰ লেজাইত বৃহস্পতিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত পতিত হৈ থিতাতে মৃত্যু হয় চি আৰ পি এফৰ এজন জোৱানৰ (CRPF Jawan Death at Dibrugarh) ৷

Terrible road accident in Dibrugarh
চেঁচা নদীত সোমালগৈ বাহন

প্ৰাপ্ত তথ্য মতে, কৰণি ৰঞ্জন বৰা নামৰ জোৱানজন চুটিত ঘৰলৈ আহিছিল ৷ বৃহস্পতিবাৰে নিজ গৃহৰ পৰা গাড়ী লৈ ওলাই যোৱা অৱস্থাত বাহনসহ জোৱানজন চেঁচা নদীত সোমাই পৰে ৷ CRPF ত কৰ্মৰত জোৱানজনৰ এনে আকস্মিক মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

Terrible road accident in Dibrugarh
চেঁচা নদীত সোমালগৈ বাহন

লগতে চাওক : Road Accident in Goalpara: শোকাৱহ পথ দূৰ্ঘটনাত শিশুসহ নিহত ৫

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.