ETV Bharat / state

Rahul Gandhi disqualification:ৰাহুল গান্ধীৰ কণ্ঠৰোধ কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছে:কংগ্ৰেছ

author img

By

Published : Apr 2, 2023, 10:17 PM IST

গুজৰাটৰ চূৰাট আদালতত ৰুজু কৰা এক মানহানিৰ গোচৰত দোষী সাব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমৰ্থনত জিলাই জিলাই কংগ্ৰেছৰ সংবাদমেল (Congress fire on Govt) ৷ কংগ্ৰেছ দলে চৰকাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীক আক্ৰোশমূলকভাৱে জগৰীয়া কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

Congress press meet in Naharkatia
নাহৰকটীয়াত কংগ্ৰেছৰ সংবাদমেল

নাহৰকটীয়াত কংগ্ৰেছৰ সংবাদমেল

মৰাণ, ২ এপ্ৰিল: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ প্ৰসংগকলৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত ৷ ৰাহুল গান্ধীৰ সাংসদ পদ বেআইনীভাৱে কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত জিলাই জিলাই সম্বোধন কৰে সংবাদমেল ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজকলৈ নাহৰকটীয়াত জয়পুৰ ব্লক কংগ্ৰেছ কমিটীয়ে সংবাদমেলত কয় যে ৰাহুল গান্ধী বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে ৷ গুজৰাটৰ নিম্ন আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া ৰায়ৰ বিপৰীতে উচ্চ আদালতত আবেদন কৰাৰ বাবে একেখন আদালতেই 30 দিনৰ সময় দিয়া স্বত্বেও এদিনৰ পাচতে খৰখেদাকৈ তেওঁৰ সাংসদ পদ খাৰিজ কৰি বিজেপিয়ে অসহনশীলতাৰ পৰিচয় দিছে বুলি কয় জয়পুৰ ব্লক কংগ্ৰেছ কমিটীয়ে (Rahul Gandhi disqualified from parliament) ৷

শনিবাৰে নাহৰকটীয়াৰ ৰাজীৱ ভৱনত জয়পুৰ ব্লক কংগ্ৰেছ কমিটীয়ে এক সংবাদমেলৰ জৰিয়তে শাসকীয় বিজেপি চৰকাৰৰ দমন নীতিৰ বিৰোধিতা কৰে (Congress press meet in Naharkatia)। তেওঁলোকে বিজেপি চৰকাৰে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধান আৰু গণতন্ত্ৰক প্ৰতিদিনে হত্যাৰ চেষ্টা চলোৱা বুলি তীব্র সমালোচনা কৰে । কংগ্ৰেছ নেতাসকলে পুনৰ কয় যে কংগ্ৰেছ দলে কেতিয়াও মহামান্য ন্যায়ালয়ৰ ৰায়দানৰ বিৰোধিতা নকৰে, বৰঞ্চ ন্যায়ালয়ৰ প্ৰতি আস্থাহে ৰাখে। কিন্তু শাসনাধিষ্ঠ বিজেপি চৰকাৰে কংগ্ৰেছ দলক ভয় খাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি বলপূৰ্বক জে’ললৈ নিয়াৰ ব্যৱস্থা হাতত লৈছে । ভাৰত জোড়ো যাত্ৰাৰ পাচত ভাৰতৰ জনসাধাৰণে যি ধৰণে কংগ্ৰেছক সমৰ্থন জনাইছে এই জনসমৰ্থনত শাসনাধিষ্ঠ বিজেপি দলটো শংকিত হৈ গাদী কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ পৰিণতিত ৰাহুল গান্ধীক আক্ৰমণৰ চেষ্টা চলোৱাৰ যি পৰিকল্পনা ৰচিছে কংগ্ৰেছ দলে তাৰ হে বিৰোধিতা কৰে বুলি মন্তব্য় কৰে।

কংগ্ৰেছ নেতাসকলে পুনৰ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰিয়ভাজন পুঁজিপতি আদানীৰ ব্যৱসায়ীক অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ‘জইন্ট পাৰ্লিয়ামেন্টৰী কমিটী’ (JPC) গঠনৰ বাবে ৰাহুল গান্ধীয়ে অহৰহ দাবী জনাই আহিছে ৷ চৰকাৰখনৰ আসোঁৱাহবোৰ সদনৰ বাহিৰে-ভিতৰে উদঙাই দিয়া বাবেই বিজেপিয়ে আক্ৰোশমূলকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁলোকে কয় (Congress slams BJP) ৷

লগতে পঢ়ক:High Court on teachers pension: পাৰিতোষিকপ্রাপ্ত শিক্ষকে লাভ কৰিব জি পি এফকে ধৰি অৱসৰকালীন সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.