ETV Bharat / state

শ্ৰী শ্ৰী বকুল দুৰ্গাপূজাত মাৰ চৰণত আশিস ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Oct 6, 2019, 9:45 PM IST

উজনিৰ অন্যতম শক্তিপীঠ হিচাপে খ্যাত শ্ৰী শ্ৰী বকুল দুৰ্গা পূজাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মা দুৰ্গাৰ চৰণত আঁঠু লৈ ৰাজ্যবাসীৰ কুশল কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ঐতিহাসিক বকুল দুৰ্গাপূজাত মুখ্যমন্ত্ৰী সোণোৱাল

ডিব্ৰুগড়, 6 অক্টোবৰঃ উজনিৰ অন্যতম শক্তিপীঠ হিচাপে খ্যাত শ্ৰী শ্ৰী বকুল দুৰ্গা পূজাত দেওবাৰে মহা অষ্টমীৰ দিনা উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মা-দূৰ্গাৰ শ্ৰী চৰণত আঁঠু লৈ ৰাজ্যবাসীৰ হৈ কুশল কামনা কৰে । উল্লেখযোগ্য যে, অসমৰ অন্যতম প্ৰাচীন এই ধৰ্মীয়স্থলটিত স্বৰ্গদেউ প্ৰতাপ সিংহ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱা বিষয়াৰ নেতৃত্বত ঐতিহাসিক এই বকুলৰ পূজা আৰম্ভ কৰা হৈছিল । ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বকুলত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ বা চুডাংফাৰ(১৬০৩-১৬৪১) শাসনকালত মোমাই তামুলী বৰবৰুৱা তত্বাৱধানত পালিত হোৱা বুলি প্ৰবাদ আছে ।

প্ৰায় পাঁচশ বছৰ অতিক্ৰম কৰা শ্ৰীশ্ৰী বকুলৰ দুৰ্গাপূজালৈ কেৱল উজনি অসমৰে নহয় বৰঞ্চ সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবছৰে লক্ষাধিক ভক্তৰ সমাগম হয় । জনশ্ৰুতি অনুসৰি এই পূজাত নৰ বলি পৰ্যন্ত দিয়া হৈছিল । পাঁচটা নৰমুণ্ড পুতি থোৱা স্থানত আজিও পঞ্চমন্দিৰ আসন অধিষ্ঠিত হৈ আছে । পাছলৈ মহ বলী দিয়া হৈছিল যদিও আজি মহাঅষ্টমী দিনটোত সহস্ৰাধিক ছাগলী, হাহ, পাৰ কোমোৰা আদি দেৱীৰ শ্ৰীচৰণত অৰ্ঘ হিচাপে উচৰ্গা কৰা হয় ।

ঐতিহাসিক বকুল দুৰ্গাপূজাত মুখ্যমন্ত্ৰী সোণোৱাল
Intro:Slug- Bokul puja CM visit

ডিব্ৰুগড়ৰ এখন ঐতিহাসিক পূজা।উজনিৰ অন্যতম শক্তিপীঠ হিচাপে খ্যাত বকুলৰ পূজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। মা দুৰ্গাৰ ওচৰত আঠু লৈ ৰাজ্যবাসীৰ কুশল কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰবাদ আছে যে স্বৰ্গদেউ প্ৰতাপ সিংহ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱা বিষয়াৰ নেতৃত্বত আৰম্ভ হৈছিল ঐতিহাসিক এই বকুলৰ পূজা। ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত বকুলত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ বা চুডাংফা(১৬০৩-১৬৪১)খ্ৰীষ্টাব্দত মোমাই তামুলী বৰবৰুৱা তত্বাৱধানত পালিত হোৱা বুলি প্ৰবাদ আছে। শ্ৰীশ্ৰী বকুলৰ দুৰ্গা পূজাই প্ৰায় পাঁচশ বছৰ অতিক্ৰম কৰিলে।এই পূজালৈ উজনি অসমৰে নহয়,সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ্য লক্ষ্য ভক্ত সমাগম হয়। জনশ্ৰুতি অনুসৰি এই পূজাত নৰ বলি পৰ্যন্ত দিয়া হৈছিল। পাঁচটা নৰমুণ্ড পুতা স্থানত আজিও পঞ্চ মন্দিৰ আসন অধিষ্ঠিত হৈ আছে। পাছলৈ মহ বলী দিয়া হৈছিল যদিও আজি মহা অষ্টমী দিনটোত সহস্ৰাধিক ছাগলী, হাহ, পাৰ কোমোৰা আদি দেৱীৰ শ্ৰীচৰণত অৰ্ঘ হিচাপে উচৰ্গা কৰে। মুখ্যমন্ত্ৰীয়ে উক্ত পঞ্চমন্দিৰ আসন তো মূৰ দোৱাই। বিগত প্ৰায় এশটা বছৰ ধৰি কলকতাৰ এক শিল্পী পৰিয়ালে মা দুৰ্গাৰ প্ৰতিমা একেটা ৰূপতে নিৰ্মাণ কৰি অহাটো এই পূজাৰ অন্যতম বিশেষত্ব। তদুপৰি প্ৰতিমাত কেৱল সোণ ৰূপৰ অলংকাৰ ব্যৱহাৰ কৰা হয়।মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক মা-দূৰ্গা শ্ৰী চৰণত আৰ্শীবাদ কামনা কৰি ৰাজ্য বাসীৰ হৈ আৰ্শীবাদ কামনা কৰিলে।
Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.