ETV Bharat / state

Death Due to Cold at Moran : প্ৰচণ্ড শীতে জীৱন কাঢ়ি নিয়া শিশুৰ বাসগৃহত প্ৰশাসন-চিকিৎসক

author img

By

Published : Jan 22, 2023, 9:28 PM IST

Death Due to Cold at Moran
মৰাণত শীতত মৃত্যু শিশুৰ বাসগৃহত প্ৰশাসনৰ লোক

13 আৰু 17 জানুৱাৰীত মৰাণৰ মিৰিহোলাত দুটিকৈ শিশুৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই এই পৰ্যন্ত শোক ছাঁ পেলাই আছে (Death by cold wave at Moran)৷ প্ৰচণ্ড শীতৰ ফলতে শিশু দুটাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ দেওবাৰে দুৰ্ভগীয়া পৰিয়াল দুটাৰ কাষত উপস্থিত হয় মৰাণ ৰাজহ চক্ৰ বিষয়াৰ লগতে চিকিৎসকৰ এটা দল ৷

মৰাণত শীতত মৃত্যু শিশুৰ বাসগৃহত প্ৰশাসনৰ লোক

ডিব্ৰুগড়, 22 জানুৱাৰী : বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষত হোৱা অস্বাভাৱিক শিল বৰষুণৰ ফলত মৰাণৰ বহু পৰিয়ালৰ বাসগৃহসমূহ ক্ষতিগ্ৰস্ত হৈছিল । লগে লগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ক্ষতিগ্ৰস্ত ৰাইজক দিয়া হ'ব ক্ষতিপূৰণ আৰু গৃহসমূহ নিৰ্মাণৰ বাবে তাৎক্ষণিক ব্যৱস্থা লোৱা হ'ব । কিন্তু কাৰ্যত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কোনো লোকে ক্ষতিপূৰণ আজি পৰ্যন্ত নাপালে । বহু দৰিদ্ৰ লোকে গৃহসমূহ নিৰ্মাণ কৰিব নোৱাৰাত প্ৰচণ্ড শীতৰ মাজতে দিন কটাবলগীয়া হৈছে । ফলত মৰাণত সংঘটিত হ'ল মৰ্মান্তিক ঘটনা ।

ডিব্ৰুগড়ৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰিহোলাত সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা । এটা সপ্তাহতেই দুটাকৈ শিশুৰ মৃত্যু হোৱা ঘটনাই আচৰিত কৰি তুলিছে সচেতন ৰাইজক । ঘটনা অনুসৰি যোৱা 13 জানুৱাৰী তাৰিখে ৰাজেন মুড়াৰ প্ৰায় ডেৰ মহীয়া সন্তান উজ্জ্বল মুড়া নামৰ শিশুটি মৃত্যু হোৱাৰ পাছতে 17 জানুৱাৰীত পুনৰ চানী ধানোৱাৰৰ ছয়মহীয়া পুত্ৰ তন্ময় ধানোৱাৰৰ মৃত্যু হয় (Death by cold wave at Moran)। চিকিৎসকে জানিবলৈ দিয়া মতে প্ৰচণ্ড ঠাণ্ডাৰ বাবে শিশু দুটাই মৃত্যুক আঁকোৱালি লয় ।

উল্লেখ্য যে, ডিচেম্বৰ মাহৰ শেষৰ ফালে মৰাণত শিলাবৰ্ষণ হৈছিল তাৰ ফলত শিশু দুটাৰ বাসগৃহ শিল বৰষুণে সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰিছিল (Hailstorm at Moran)। ইয়াৰ পাছতে নমা প্ৰচণ্ড শীতৰ ফলত শিশু দুটাই অকালতে মৃত্যুক আঁকোৱালি লোৱা বুলি প্ৰাৰম্ভিকতে চিকিৎসকে জানিবলৈ দিছিল । প্ৰথম শিশুটোৰ মৃত্যুৰ পাছতেই মৰাণৰ এটা চিকিৎসকৰ দল গৈ সমগ্ৰ পৰিৱেশ পৰ্যৱেক্ষণ কৰিছিল আৰু অঞ্চলটোৰ সকলো শিশুকে ঠাণ্ডাৰ পৰা বচাই ৰাখিবলৈ চিকিৎসকে আহ্বান জনাইছিল যদিও পৰিয়ালে কোনোধৰণৰ সতৰ্কতা অৱলম্বন নকৰাত আনটো শিশুৰো মৃত্যু হয় । এই ঘটনাই সমগ্ৰ ৰাজ্যত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

এই শোকাৱহ ঘটনাৰ পাছতে সম্প্ৰতি গা লৰিছে প্ৰশাসনৰ ৷ মিৰিহোলাত দুটিকৈ শিশুৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ বাবে দেওবাৰে উপস্থিত হয় মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সবৰ্ণা সোণোৱালৰ(Moran circle officer) লগতে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক তথা বিষয়া ডাঃ হিমাংশু বৰাৰ নেতৃত্বত এটা চিকিৎসাকৰ্মীৰ দল ৷ চক্ৰ বিষয়া আৰু চিকিৎসকৰ দল পৰিয়াল দুটাৰ কাষত উপস্থিত হৈ কি কাৰণত শিশু দুটিৰ মৃত্যু হ'ল তাৰ অনুসন্ধান কৰাৰ লগতে পৰিস্থিতি পৰ্যৱেক্ষণ কৰে । মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই বুলি চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়াৰ লগতে দুৰ্ভগীয়া পৰিয়াল দুটাই শিল বৰষুণত হোৱা ক্ষতিপূৰণ লাভ কৰিব বুলিও কয় । কিন্তু এই ক্ষতিপূৰণ কেতিয়া লাভ কৰিব সেয়াহে লক্ষ্যণীয় হ'ব ৷

লগতে পঢ়ক: APCC spokesperson Ramen Borthakur : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত মৃত্যু সুলভ: প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.