APCC spokesperson Ramen Borthakur : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত মৃত্যু সুলভ: প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Jan 22, 2023, 7:57 PM IST

APCC spokesperson Ramen Borthakur

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰ (APCC spokesperson Ramen Borthakur)৷ ৰাজ্যৰ জনসাধাৰণক সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ শীতত মৃত্যু হোৱা লোকসকলৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সমল যোগান ধৰিব নোৱৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীজনে শীঘ্ৰে এনে অকাল মৰণৰ নৈতিক দায়িত্ব মূৰ পাতি ল'ব লাগে বুলি দাবী কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷

প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰ

গুৱাহাটী, ২২ জানুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনত এতিয়া মৃত্যু সুলভ ৷ এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে(APCC spokesperson Ramen Borthakur) কয় যে এইখন চৰকাৰৰ দিনত এতিয়া মৃত্যু তেনেই সুলভ ৷

ৰমেন বৰঠাকুৰে কয় যে বিজেপি চৰকাৰৰ দিনত অসমৰ নিচিনা এখন অতিকৈ দৰিদ্ৰ ৰাজ্যৰ জনতাই গৰম কাপোৰ আৰু যথাযথ বাসস্থানৰ অভাৱত মৃত্যুক আকোৱালি ল'বলগীয়া হোৱাৰ পাচতো মুখ্যমন্ত্ৰীজনে অসম বিকাশৰ দৌৰত সকলোতকৈ আগত বুলি দম্ভালি মাৰি আছে ৷ চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় যে ৫ জানুৱাৰীত লামডিং ৰে’লৱে ষ্টেচনত দুগৰাকী লোকে শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল (Death due to cold wave at Lumding)৷

লামডিং ষ্টেচনত পৰি ৰোৱা সেই পুৰুষ-মহিলাৰ নিথৰ দেহ দুটাই আকৌ এবাৰ প্ৰমাণ কৰিছে যে বিকাশৰ দৌৰত অসম ইতিমধ্যেই চিটভলঙা খাইছে আৰু অসমত বিকাশৰ ৰথ ইতিমধ্যে খালত পৰিছে ৷ তেওঁ লগতে কয় যে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ 1 নং মিনিহোলাৰ দুটি শিশুৰ শীতৰ প্ৰকোপ তথা কাপোৰৰ অভাৱত 13 আৰু 17 জানুৱাৰীত মৃত্যু হয় (Die due to cold wave in Dibrugarh)৷ উজ্জ্বল মূড়া আৰু তন্ময় ধানোৱাৰ নামৰ কণমানি দুটাৰ মৃত্যুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই যে ৰাজ্যখন সুকলমে চলাব পৰা নাই তাকে প্ৰমাণ কৰিছে ৷

কিছুদিন পূৰ্বে বৃহত্তৰ মৰাণ অঞ্চলত প্ৰবল শিলাবৃষ্টি হৈ বহুলোকৰ ঘৰৰ চালি ধ্বংস কৰি পেলাইছিল । শিলাবৰ্ষণৰ পাছত অঞ্চলটোত যিহেতু প্ৰচণ্ড শীত পৰিছিল সেয়েহে অসম চৰকাৰে তাৎক্ষণিকভাৱে দুখীয়া লোকসকলৰ ঘৰ আৰু চালিবোৰ নিৰ্মাণ কৰি দিব লাগিছিল বুলি মন্তব্য কৰে ৰমেন বৰঠাকুৰে ৷ শীতত আক্ৰান্ত লোকসকলক পৰ্যাপ্ত পৰিমাণৰ গৰম কাপোৰ যোগান ধৰিব লাগিছিল ৷ অথচ চৰকাৰৰ ফালৰ পৰা তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল । কেৱল হিতাধিকাৰীৰ তালিকা বনোৱাত মচগুল হৈ থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এইসকল দৰিদ্ৰ লোকৰ জীৱনৰ কথা সামান্যতমো নাভাবিলে ৷

এই ঘটনাৰ জৰিয়তে অসম চৰকাৰৰ মুখিয়ালসকলে প্ৰমাণ কৰিলে যে নিটি আয়োগ(NITI Aayog report on Assam) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা প্ৰতিবেদনৰ তথ্য সত্য আৰু অসম ভাৰতবৰ্ষৰ অন্যতম দৰিদ্ৰ ৰাজ্য আৰু যাৰ মুখ্যমন্ত্ৰীজনে ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলক জীয়াই থকাৰ বাবে প্ৰয়োজনীয় নূন্যতম কাপোৰো যোগান ধৰিবলৈ অসমর্থ ।

তেওঁ কয় যে শীতত মৃত্যু হোৱা লোককেইজনক জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সমল যোগান ধৰিব নোৱৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীজনে শীঘ্ৰে এনে অকাল মৰণৰ নৈতিক দায়িত্ব মূৰ পাতি ল'ব লাগে বুলি দাবী উত্থাপন কৰে । লগতে দুৰ্ভগীয়া পৰিয়ালকেইটাক যথাযথ ক্ষতিপূৰণ প্ৰদান কৰি অসম চৰকাৰে নিজৰ অক্ষমতাৰ দোষ স্বীকাৰ কৰিব লাগে বুলি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: Moran youth death in Kerala : কেৰালাত মৰাণৰ যুৱকৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.