ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক

author img

By

Published : Jul 12, 2021, 10:40 PM IST

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ কথা অৱগত কৰিলে ছাত্ৰ একতা সভাৰ এটা প্ৰতিনিধিৰ দলে ৷ ইয়াৰ লগতে বিধায়ক অখিল গগৈকো লগ ধৰে ছাত্ৰ প্ৰতিনিধিৰ দলটোৱে ৷

Chief Minister's meeting with Dibrugarh University student representative
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক

ডিব্ৰুগড়, 12 জুলাই : ক'ভিড মহামাৰীৰ বিভীষিকাৰ মাজতো ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৃহত্তৰ ছাত্ৰ সমাজৰ ন্যাৰ্য প্ৰাপ্তিৰ সংগ্ৰামখন অব্যাহত ৰাখিছে । ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি পবন গগৈ, উপ-সভাপতি লক্ষীনন্দন টাই, সাধাৰণ সম্পাদক হিমালয় বাৰিক, আলোচনী সম্পাদক সপোন বড়া আৰু তৰ্ক সম্পাদক কৃষ্ণ ছেত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ত গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ড৹ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰে ৷

Chief Minister's meeting with Dibrugarh University student representative
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক

উক্ত বৈঠকত স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সম্মুখীন হৈ থকা দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে । বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰোণজ পেগু উপস্থিত থাকে ৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক শীঘ্ৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ পৰ্যবেক্ষণ কৰি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে, নতুনকৈ ছাত্ৰাবাসৰ নিৰ্মাণ, ৩৭ নং ঘাইপথৰ ওপৰেদি footbridge নিৰ্মাণ, উন্নত মানৰ খেল পথাৰ আৰু পেভিলিয়নৰ ব্যৱস্থা, বিশ্ববিদ্যালয়ৰ স্বাস্থ্যকেন্দ্ৰৰ উন্নীতকৰণ, নেটৱৰ্ক ব্যৱস্থাৰ উন্নীতকৰণ আদিৰ লগতে কেইবাটাও বিষয় উত্থাপন কৰে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ৷ বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰিকৰী আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অতিমাত্ৰা মাচুল আৰু বিভিন্ন সমস্যাবোৰ অধিক গুৰুত্ব সহকাৰে লোৱা হয় ৷

ইফালে, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই অসম বিধান সভাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াক লগ ধৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমস্যা সমূহৰ সমাধানৰ বিষয়টো অসম বিধান সভাত উত্থাপন কৰিবলৈ অনুৰোধ কৰে । ইয়াৰোপৰি ছাত্ৰ প্ৰতিনিধি দলটোৱে বিধায়ক অখিল গগৈকো সাক্ষাৎ কৰে ৷ তেখেতেকো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমস্যা সমূহৰ বিষয়ে অৱগত কৰে ৷

লগতে পঢ়ক: ধাৰাসাৰ বৰষুণৰ কবলত হিমাচলৰ কুল্লু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.