ETV Bharat / state

Constituency Delimitation: লাহোৱাল সমষ্টি বিলুপ্তকৰণ লৈ মুকলি বিষোদগাৰ বিধায়ক বিনোদ হাজৰিকাৰ

author img

By

Published : Jun 30, 2023, 5:42 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ মুকলি অসন্তুষ্টি লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ ৷ এই সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰা হ’ব বুলি মন্তব্য বিধায়কগৰাকীৰ ৷

Constituency Delimitation
Constituency Delimitation

ডিব্ৰুগড়, 30 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক সকলোৱে আদৰণি জনাইছে বুলি বিজেপিৰ শীৰ্ষ নেতৃত্বই দাবী কৰিলেও খোদ বিজেপিৰ বিধায়কেই প্ৰকাশ কৰিছে অসন্তুষ্টি ৷ অৱশ্যে বুকুৰ ভিতৰত জ্বলি থকা জুইকুৰা বিজেপিৰ বিধায়কসকলে বুকুতেই সামৰি থব লগা হৈছে ৷

কিন্তু লাহোৱাল সমষ্টিৰ বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ মুকলিলৈ প্ৰকাশ কৰিছে অসন্তুষ্টি ৷ বিনোদ হাজৰিকাই কয়, ‘‘লাহোৱাল সমষ্টিৰ বিলুপ্ত হোৱাৰ পাচত মোৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত শেষ হৈ যাব ৷ এই খচৰাক লৈ মই সম্পূৰ্ণ অসন্তুষ্ট ৷ ইয়াৰ বিৰুদ্ধে লাহোৱাল সমষ্টিবাসীয়ে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে আৰু এই আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছো ৷’’

নিৰ্বাচন আয়োগলৈয়ো লাহোৱাল সমষ্টি বিলুপ্ত নকৰিবলৈ আবেদন জনোৱা হ’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে অতি সম্প্ৰতি প্ৰকাশ পোৱা খচৰাত লাহোৱাক সমষ্টি বিলুপ্ত হোৱাৰ বিৰুদ্ধে লাহোৱাল সমষ্টিবাসীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ ইয়াৰ মাজতেই নিজৰ স্থিতি স্পষ্ট কৰিছে বিধায়ক হাজৰিকাই ৷

ইফালে এই খচৰাৰ বিৰুদ্ধে বিৰোধী দলসমূহে সাব্যস্ত কৰা প্ৰতিবাদকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিনোদ হাজৰিকাই ৷ তেওঁ কয়, ‘‘ লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ যে গণভিত্তি নাই সেই কথা বিগত নিৰ্বাচনতে প্ৰমাণ হ’ল ৷ অখিল গগৈয়ে কাৰাগাৰৰ পৰা ওলোৱাৰ পাচত তেওঁক ৰাইজে আৱেগিকভাৱে ভোট দিলে ৷’’

বিধায়ক অখিল গগৈক প্ৰতিবাদৰ নামত লোহোৱাল সমষ্টিলৈ আহি পূৰ্বৰ ‘কা’ বিৰোধী আন্দোলনৰ দৰে পৰিস্থিতি সৃষ্টি নকৰিবলৈয়ো আহ্বান জনাই বিনোদ হাজৰিকাই ৷ অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে গণতান্ত্ৰিক আন্দোলনক অশান্ত কৰিবলৈ আহিছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: NHPC big dam: বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ কংক্ৰিটৰ কাম সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.