ETV Bharat / state

NHPC big dam: বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ কংক্ৰিটৰ কাম সম্পূৰ্ণ

author img

By

Published : Jun 30, 2023, 4:32 PM IST

Lower Subansiri hydro power project
Lower Subansiri hydro power project in Assam

২০০০ মেগাৱাট ক্ষমতা সম্পন্ন বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধৰ কংক্ৰিটৰ কাম সম্পূৰ্ণ । ২০২৩-২৪ বিত্তীয় বৰ্ষৰ শেষৰ ফালে বিদ্যুৎ উৎপাদন কাৰ্য আৰম্ভ কৰা হ'ব । সগৌৰৱেৰে ঘোষণা NHPC ৰ

গুৱাহাটী, ৩০ জুন: সম্পূৰ্ণ হ’ল বিতৰ্কিত ২০০০ মেগাৱাট বিজুলী উৎপাদন ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ নিৰ্মাণ কাৰ্য ৷ অতি শীঘ্ৰেই বান্ধ নিৰ্মাণকাৰী সংস্থা NHPCয়ে বিতৰ্কিত অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখৰ বৃহৎ নদীবান্ধটোত উৎপাদন আৰম্ভ কৰিব ৷ গৌৰৱেৰে এই কথা ঘোষণা কৰি NHPC য়ে দাবী কৰিছে যে, এয়া তেওঁলোকৰ বাবে এক বৃহৎ সফলতা । মুঠ প্ৰকল্পৰ কামৰ ৯০ শতাংশৰো অধিক ইতিমধ্যে সম্পূৰ্ণ কৰিছে নিৰ্মাণকাৰী সংস্থাটোৱে ।

লগতে, NHPC য়ে জনাইছে যে নদীবান্ধটোৰ সকলো মুখ্য অংশ, যেনে বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচত, পাৱাৰ হাউচ, হাইড্ৰমেকানিকেল কাম আদিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে । বাৰিষাৰ পিচত, ৰেডিয়েল গেটৰ বাকী কাম সম্পূৰ্ণ হ'ব আৰু বিত্তীয় বৰ্ষ ২০২৩-২৪-ৰ শেষৰ ফালে বিদ্যুৎ উৎপাদন আৰম্ভ কৰা হ'ব ।

নিৰ্ধাৰিত ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধটো নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছে বুলি ঘোষণা কৰিছে গেৰুকামুখৰ প্ৰকল্পটোৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই ৷

NHPC ৰ তৰফৰ পৰা জনোৱা হৈছে যে, ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে । ২৯ জুন তাৰিখে বান্ধটোৰ সকলো খণ্ডতে ১১৬ মিটাৰ উচ্চতালৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে বুলি NHPCৰ স্পষ্ট মন্তব্য । এই উপলক্ষে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই সমগ্ৰ প্ৰকল্পৰ কৰ্মকৰ্তা সকলক প্ৰশংসা কৰি সকলোকে অভিনন্দনো জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক: Danger in Dhemaji NHPC : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তীব্ৰবেগী পানীয়ে মাতিছে ভয়ংকৰ বিপদ

NHPC লিমিটেডৰ এই প্ৰকল্পটোত ২০০৪ বৰ্ষৰ অক্টোবৰ মাহত বন মন্ত্ৰালয়ে অনুমোদন জনাইছিল । পিচত ২০০৫ চনৰ জানুৱাৰীত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল নিৰ্মাণকাৰী সংস্থাটোৱে । কিন্তু অসম চৰকাৰৰ দ্বাৰা গঠিত এখন বিশেষজ্ঞ কমিতিৰ দ্বাৰা অধ্যয়নৰ পিছত এই বান্ধটো হিমালয়ৰ পাদদেশৰ ভূমিকম্প প্ৰৱণ অঞ্চলত অৱস্থিত গেৰুকামুখৰ ঠুনুকা পাহাৰত নিৰ্মাণ কৰা উচিত নহ’ব বুলি প্ৰতিবেদন দাখিল কৰিছিল ৷

তাৰ পিছৰেপৰা জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ আশংকাত ভুগিবলৈ ধৰিলে বান্ধটোৰ নামনিৰ ৪ খন জিলাৰ জনসাধাৰণে ৷ আজিও এই বাৰিষা কালত বান্ধটোৰ পাহাৰত হোৱা খহনীয়াই শংকিত কৰি ৰাখিছে বান্ধটোৰ নামনিৰ লোকসকলক ৷

বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতে গঢ়ি উঠা ব্যাপক আন্দোলন আৰু প্ৰতিবাদৰ বাবে প্ৰকল্পৰ নিৰ্মাণকাৰ্য স্তব্ধ কৰিবলৈ বাধ্য হৈছিল NHPC ৷ আন্দোলনৰ ফলশ্ৰুতিত ২০১১ ৰ ডিচেম্বৰৰ পৰা ২০১৯ ৰ অক্টোবৰলৈ স্থগিত ৰখা হৈছিল । প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য ২০১৯ ৰ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হয়।

অৱশ্যে বিভিন্ন নদীবান্ধ বিৰোধী দল-সংগঠন সমূহ এতিয়াও সহমত হোৱা নাই NHPCৰ সৈতে ৷ আনহাতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ দ্বাৰা সকলো আইনী সমস্যা আঁতৰ কৰাৰ পিচতহে প্ৰকল্পটোৰ নিৰ্মাণ পুনৰ আৰম্ভ কৰা হৈছে বুলি NHPCয়ে বিবৃতিযোগে জনাইছে ।

লক্ষণীয় যে, শেহতীয়াভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো থকা গেৰুকামুখৰ পাহাৰত হোৱা খহনীয়াৰ লগতে নিৰ্মীয়মান বান্ধটোৰ নামনিত হোৱা সোৱণশিৰিৰ গৰা খহনীয়াই সংবাদ শিৰোনাম দখল কৰিছে ৷ নামনিৰ জনসাধাৰণক শংকিত কৰি তুলিছে ৷ আনহাতে, এনে সময়তে NHPC কৰ্তৃপক্ষই ১১৬ মিটাৰ উচ্ছতাৰ মূল বান্ধটো নিৰ্মাণ সম্পূৰ্ণ কৰি ২০২৩-২৪ ৰ শেষৰ ফালে বিদ্যুৎ উৎপাদন কাৰ্য আৰম্ভ কৰা হ'ব বুলি সগৌৰৱেৰে ঘোষণা কৰিছে ৷

লগতে পঢ়ক:

Danger in NHPC: NHPC সন্দৰ্ভত অসমৰ বিশেষজ্ঞ সমিতিৰ ভৱিষ্যদ্বাণী ফলিয়াইছে : আপ

MLA Atul Bora on NHPC : NHPC ক কঠোৰ সকীয়নী দিছপুৰৰ বিধায়ক অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.