ETV Bharat / state

বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত এগৰাকী আইতাৰ হিয়া ভঙা কান্দোন

author img

By

Published : Jan 7, 2022, 9:19 PM IST

লাহোৱালৰ বিধায়কৰ বাসগৃহৰ চোতালত এগৰাকী 70 উৰ্ধৰ আইতাৰ হিয়া ভঙা কান্দোন (An old woman crying at MLA's home at Lahowal) ৷ পিছে কিয় কান্দিছে আইতাগৰাকীয়ে ? সবিশেষ এই প্ৰতিবেদনত...

Wheelchair distribution at Lahowal
বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত এগৰাকী আইতাৰ হিয়া ভঙা কান্দোন

মৰাণ, 7 জানুৱাৰী : বিধায়কৰ চোতালত এগৰাকী আইতাৰ হিয়া ভঙা কান্দোন (An old woman crying at MLA's home at Lahowal) । হুক হুকাই কান্দিছে আইতাগৰাকীয়ে । কোনেও উমান পোৱা নাই কিয় কান্দিছে আইতাগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত আইতা গৰাকীৰ কাষত থিয় হ'ল স্থানীয় বিধায়ক । লগে লগে আইতা গৰাকীয়ে বিধায়কগৰাকীক পিন্ধাই দিলে এখন গামোচা । বিধায়কগৰাকীয়েও নিজক কান্ধৰ পৰা লৈ আইতাৰ কান্ধত গুজি দিলে এখন ফুলাম গামোচা । যেন এক মাতৃ-পুত্ৰৰ অপৰিসীম স্নেহ ।

এতিয়া আহিছো ঘটনাৰ মাজলৈ ৷ ঘটনাৰ স্থান লাহোৱালৰ বাণীপুৰ ৷ শুকুৰবাৰে লাহোৱালৰ বাণীপুৰত বিধায়ক বিনোদ হাজৰিকাৰ প্ৰচেষ্টাত লাহোৱাল সমষ্টিৰ অন্তৰ্গত ২৫ জন বিশেষভাৱে সক্ষম বৃদ্ধ পুৰুষ-মহিলাৰ লগতে যুৱকক প্ৰদান কৰা হয় একোখনকৈ হুইল চেয়াৰ (Binod Hazarika distributes Wheelchairs at Lahowal) । হুইল চেয়াৰ পাই আনন্দত আত্মহাৰা হৈ পৰে লাহোৱালৰ বিশেষভাৱে সক্ষম যুৱক-যুৱতী তথা পুৰুষ-মহিলাসকল (Wheelchair distribution at Lahowal) ৷

বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত এগৰাকী আইতাৰ হিয়া ভঙা কান্দোন

এই অনুষ্ঠানতে উপস্থিত আছিল 70 উৰ্ধৰ এগৰাকী বিশেষভাৱে সক্ষম আইতাও ৷ বিশেষভাৱে সক্ষম হোৱাৰ বাবে আইতা গৰাকীয়ে ঘৰৰ ভিতৰতে দীৰ্ঘদিন থাকিবলগীয়া হৈছিল । কিন্তু, আজি আইতাৰ কাষত সাহস হৈ থিয় দিলে বিধায়ক বিনোদ হাজৰিকাই ।

বিধায়কগৰাকীৰ প্ৰচেষ্টাত আইতাই লাভ কৰিলে এখন হুইল চেয়াৰ । আইতাৰ জীৱনলৈ বিধায়কগৰাকীয়ে কঢ়িয়াই আনিলে এক অনাবিল আনন্দ । কাৰণ, কোনোদিন বহিঃ পৃথিৱীৰ মুখ নেদেখা আইতাগৰাকীয়ে এতিয়া লাভ কৰিব প্ৰতিটো দিনৰ প্ৰতিটো ক্ষণ । যাৰ বাবে আনন্দৰ চকুপানী পৰিস্ফূট হ’ল আইতাগৰাকীৰ দুচকুত ৷ লগতে আইতাগৰাকীৰ এই দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰাৰ বাবে বিধায়ক তথা চৰকাৰক দিয়ে আৰ্শীবাদ ৷

শুকুৰবাৰে লাহোৱালৰ বাণীপুৰৰ বিধায়কগৰাকীৰ অস্থায়ী বাসগৃহত অনুষ্ঠিত হোৱা হুইল চেয়াৰ বিতৰণ অনুষ্ঠানত সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ সভাপতিৰ লগতে জিলা পৰিষদৰ বিষয়ববীয়া তথা দলৰ কৰ্মী সকল উপস্থিত থাকে ।

লগতে পঢ়ক : দুটা ভিন্ন উদ্দেশ্যৰে যোৰহাট আৰু বঙাইগাঁৱত বাটৰ নাট প্ৰদৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.