ETV Bharat / state

ক’লৈ গ’ল মন্ত্ৰী ! বিমল বৰাৰ গৃহ সমষ্টিত বানত ককবকাইছে ৰাইজে

author img

By

Published : Jul 5, 2022, 1:33 PM IST

Bimal Bora's constituency is suffering from floods
বিমল বৰাৰ গৃহ সমষ্টিত বানত ককবকাইছে ৰাইজে

মন্ত্ৰী বিমল বৰাৰ (Minister Bimal Bora) গৃহ সমষ্টিত বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ পৰিস্থিতি ৷ "মন্ত্ৰীয়ে কনভয় লৈ আমাৰ গাঁৱৰ কাষেৰেই অহা যোৱা কৰে । কিন্তু আমাৰ ইয়ালৈ কিয় নাহে ! আমিও টিংখং সমষ্টিৰে মানুহ ৷" ক্ষোভিত হৈ পৰিছে বানপীড়িত ৰাইজ ৷

টিংখং, 5 জুলাই : ৰাজ্যজুৰি শাম কটা নাই বানৰ সংহাৰ (Assam Flood 2022)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও বানৰ ধ্বংসলীলা অব্যাহত আছে ৷ মন্ত্ৰী বিমল বৰাৰ (Minister Bimal Bora) গৃহ সমষ্টিত বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

বিমল বৰাৰ গৃহ সমষ্টিত বানত ককবকাইছে ৰাইজে

টিংখঙত বুঢ়ীদিহিং নদীৰ ভয়াবহ ৰূপে বিধ্বস্ত কৰিলে সমষ্টিটোৰ কেইবাখনো গাঁও (Flood at Tingkhong) । ওফন্দি উঠা নদীৰ ভয়াবহ পানীয়ে বিধ্বস্ত কৰিছে ৩ নং চৰাইহাবি গাঁৱৰ সকলো বাট-পথ ৷ বাসগৃহৰ লগতে মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ এতিয়াও গাঁওখনৰ বহু গৃহ পানীৰ তলত ৷ পানীৰ মাজৰে অহা যোৱা কৰিব লগা হৈছে গাঁওখনৰ ৰাইজে ৷

এই সময়ত খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানীৰ অভাৱত জুৰুলা হৈছে অঞ্চলটোৰ লোক ৷ পোহনীয়া জীৱ-জন্তু, ঘৰৰ অস্থাৱৰ সম্পত্তি আদি সুৰক্ষিত স্থানলৈ নিবৰ বাবেও গাঁৱৰ ৰাইজ অসহায় হৈ পৰিছে ৷ গৰ্ভৱতী মহিলা, বৃদ্ধ-বৃদ্ধাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ সংগ্ৰহ কৰিবলৈও যাতায়ত ব্যৱস্থা অচল হৈ পৰিছে অঞ্চলটোত ৷ বানৰ ফলত বিদ্যুতৰ খুঁটা ভাঙি পৰাত গাঁওখন অন্ধকাৰত ডুব গৈছে ৷

ইফালে সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ ভূমিকাত ক্ষোভিত হৈ পৰিছে বানপীড়িত ৰাইজ (Flood affected people are outraged)৷ ক্ষোভিত ৰাইজে কয় যে - মন্ত্ৰীয়ে কনভয় লৈ আমাৰ গাঁৱৰ কাষেৰেই অহা যোৱা কৰে৷ । কিন্তু, আমাৰ ইয়ালৈ কিয় নাহে ! আমিও টিংখং সমষ্টিৰে মানুহ ৷ এই অঞ্চলত বানপানীৰ খবৰ লবলৈ কাৰো আহৰি নাই ৷ আমি চাংঘৰতেই থাকিব লগীয়া হৈছে ৷ পথ মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিও আধা কাম কৰি বন্ধ কৰি দিলে ৷

মন্ত্ৰী বিমল বৰাৰ টিংখং সমষ্টিত ৰাইজৰ এনে হাজাৰটা প্ৰশ্নৰ মাজত এইসকল বন্যাৰ্ত এতিয়া নিৰুপায় হৈ পৰিছে ৷ উল্লেখ্য যে বুঢ়ীদিহিঙৰ খহনীয়াত গাঁৱৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ৷ তাৰ পিছতো যদিও আজি পৰ্যন্ত গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ধৰণৰ ব্যৱস্থাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: খহনীয়াই কালৰূপ ধাৰণ কৰিছে জনীয়াৰ শওপুৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.