দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পৰা এটা মাধ্যম হৈছে ক্ৰীড়া : বিমল বড়া

author img

By

Published : Sep 18, 2022, 6:56 AM IST

Bimal Borah inaugurated Inter ward football competition at Tingkhong

শনিবাৰে আৰম্ভ হয় আন্তঃৱার্ড ট্ৰফী আৰু প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা 2022 (Inter ward football competition 2022) । এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই (Minister Bimal Borah) ।

ডিব্ৰুগড়, 18 ছেপ্টেম্বৰ : খেল-ধেমালিৰ মাধ্যমেৰে আমাৰ সমাজ ব্যৱস্থা একতাৰ ডোলেৰে বান্ধি ৰখাৰ লগতে শাৰীৰিক আৰু মানসিক শান্তি উৎকৰ্ষ সাধনত এক বিশেষ মাত্ৰা বহন কৰি আহিছে । ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলৰ মাজত এক শৈক্ষিক বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ উদ্দেশ্যে শলগুৰি টিপমীয়া গাঁও পঞ্চায়তৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শনিবাৰৰ পৰা আৰম্ভ হয় আন্তঃৱার্ড ট্ৰফী আৰু প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা 2022 ।

দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পৰা এটা মাধ্যম হৈছে ক্ৰীড়া : বিমল বৰা

শগুনেচোৱা খেলপথাৰত অনুষ্ঠিত এই উদ্বোধনী খেলত অংশগ্ৰহণ কৰে সৰুজনী চাহ বাগিচা আৰু আজিজবাগ চাহ বাগিচাৰ দলে । প্ৰতিযোগিতা শুভ উদ্বোধন কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই (Inter ward football competition 2022 at Tingkhong)। খেলখনত সৰুজনী চাহ বাগিচা ফুটবল দলে আজিজবাগ চাহ বাগিচা ফুটবল দলক 1-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰে ।

এই ফুটবল খেল উপভোগ কৰি মন্ত্ৰী বড়াই সাংবাদিকৰ আগত কয়, ‘‘ক্ৰীড়া এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গৈছে, যাৰ জৰিয়তে আমি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰো । সেয়ে সকলো ঠাইতে ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব লাগে’’ ৷

উল্লেখ্য যে, উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ,অসম পেট্ৰ’কেমিকেলচৰ অধ্যক্ষ বিকুল ডেকা, টিংখাং ৰাজহ চক্ৰ বিষয়া কৌস্তভ কলিতা, ভাৰতীয় জনতা পাৰ্টীৰ টিংখাং মণ্ডলৰ সভাপতি তিলেশ্বৰ চাংমাইৰ লগতে বিভিন্ন সন্মানীয় ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : বিশ্বকৰ্মা পূজা উপলক্ষে বিহপুৰীয়াত ভাগৱত পাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.