বিশ্বকৰ্মা পূজা উপলক্ষে বিহপুৰীয়াত ভাগৱত পাঠ

By

Published : Sep 17, 2022, 9:56 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বিহপুৰীয়াত পুৰোহিতৰ পূজাৰ পৰিৱৰ্তে দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ(Bhagavata path in Bihpuria) আৰু ব্যাখ্যানুষ্ঠানেৰে পালন কৰিলে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । বিহপুৰীয়াৰ বাছ আৰু ট্ৰেভেলাৰ মালিক আৰু শ্ৰমিক সন্থাই বিহপুৰীয়া টাউন বৰ নামঘৰত ব্যতিক্ৰমী ৰূপত আয়োজন কৰিলে বিশ্বকৰ্মা পূজাভাগ । পূজা অৰ্চনাৰ পৰিৱৰ্তে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে ভাগৱত পাঠ । মূলতঃ গাড়ীৰ লগত জড়িত লোক সকলক আধ্যাত্মিক দিশৰ প্ৰতি আগ্ৰহী কৰা আৰু তেওঁলোকৰ বদ অভ্যাসসমূহ দূৰ কৰাৰ উদ্দেশ্যে বিগত বৰ্ষৰ দৰে এইবাৰো এনেদৰে ভাগৱত পাঠৰ ব্যৱস্থা কৰে । পুৱাৰ নাম প্ৰসঙ্গৰ পিছত মইনা সোণোৱাল আৰু মইনা গগৈয়ে ভাগৱত পাঠ আৰু হৰিকান্ত দাস আৰু পদ্মধৰ বৰাই ব্যাখ্যা আগবঢ়াই । ইপিনে নিশা বাসুদেৱ নাট্য গোষ্ঠীৰ দ্বাৰা পৰিচালিত নাট "বিপ্ৰ দামোদৰ আখ্যান দণ্ডবক্ৰোৰ মুক্তি লাভ" নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.