ETV Bharat / state

Bharat Jodo Yatra: ভাৰত জোড়ো যাত্ৰাই টোপনি হৰিছে BJP ৰ: গৌৰৱ গগৈ

author img

By

Published : Dec 11, 2022, 2:55 PM IST

bharat jodo yatra in moran
ভাৰত জোড়ো যাত্ৰাই টোপনি হৰিছে BJP ৰ: গৌৰৱ গগৈ

ৰাজ্যজুৰি অব্যাহত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাছত দেওবাৰে মৰাণত অনুষ্ঠিত কৰে ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra) । ডিব্ৰুগড় জিলা কংগ্ৰেছৰ উদ্য়োগত মৰাণত অনুষ্ঠিত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

ভাৰত জোড়ো যাত্ৰাই টোপনি হৰিছে BJP ৰ: গৌৰৱ গগৈ

মৰাণ,১১ ডিচেম্বৰ: কংগ্ৰেছ দলক ৰাইজৰ মাজত পুনৰ জনপ্ৰিয় কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশৰ লগত অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হৈছে প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা(Congress Bharat Jodo Yatra) । ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা দেওবাৰে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ উদ্য়োগত মৰাণত অনুষ্ঠিত হয় । শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ লোৱা এই ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

টিংখাং, নাহৰকটীয়া আৰু মৰাণ সমষ্টি সামৰি আজি ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত হোৱা ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহি সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে ভাৰত জোড়ো যাত্ৰাই বিজেপিৰ টোপনি নোহোৱা কৰিছে । সাংসদ গৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ হিমাচল প্ৰদেশত কংগ্ৰেছ দলে যি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তাৰ পৰা অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মী উৎফুল্লিত হৈছে(Bharat Jodo Yatra in Assam) ।

লগতে কয় যে ভাৰত জোড়ো যাত্ৰা নিৰ্বাচনকেন্দ্ৰীক যাত্ৰা নহয় কিন্তু ই লোকসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব । কিয়নো ৰাইজে এই যাত্ৰাৰ প্ৰতি যথেষ্ট সঁহাৰি প্ৰদান কৰিছে । ইফালে BJP ক সমালোচনা কৰি কয় যে গুৱাহাটীৰ তুলনাত উজনি অসমৰ উন্নয়নত হেমাহি কৰিছে BJP চৰকাৰখনে(Gourav Gogoi slams BJP) । উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ পাচতেই জিলাই জিলাই বিভিন্ন আঁচনি ঘোষণা কৰিছে BJP য়ে ।

লগতে কটাক্ষ কৰি কয় যে BJP য়ে কেৱল ৰাহুল গান্ধীৰ পিছতেই দৌৰি থাকে(Gourab Gogoi criticized BJP) । ৰাহুল গান্ধীৰ দাড়ি কিয় দীঘল হ'ল, ৰাহুল গান্ধীয়ে কিয় দৌৰে তাকে লৈ BJP নেতাসকলে মন্তব্য কৰি থাকে বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক: Babu puja: ছৈখোৱা ধলাৰ ঐতিহাসিক কেঁচা খাইটী শালৰ বাবু পূজা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.