ETV Bharat / state

Manipur violence : অগ্নিগৰ্ভা মণিপুৰৰ পৰা উদ্ধাৰ অসমৰ ফুটবল খেলুৱৈ মৃন্ময় গগৈক

author img

By

Published : May 9, 2023, 1:56 PM IST

Naharkatia MLA Taranga Gogoi
অগ্নিগৰ্ভা মণিপুৰ

বহু সংখ্যক লোকে মণিপুৰৰ পৰা বৰ্তমানো উভতি আহিব পৰা নাই (Communal conflict in Manipur)। ইয়াৰ মাজতেই অগ্নিগৰ্ভা মণিপুৰত আৱদ্ধ হৈ থকা অসমীয়া ফুটবল খেলুৱৈক নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ তৎপৰতাত উদ্ধাৰ কৰা হৈছে ।

অগ্নিগৰ্ভা মণিপুৰ

মৰাণ, ৯ মে' : অগ্নিগৰ্ভা মণিপুৰত আৱদ্ধ হৈ থকা অসমীয়া ফুটবল খেলুৱৈক উদ্ধাৰ (Manipur violence update)। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ তৎপৰতাত অগ্নিগৰ্ভা মণিপুৰত আৱদ্ধ হৈ থকা এজন অসমীয়া ফুটবল খেলুৱৈক সুকলমে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছে (Assamese football player rescued from Manipur)। নাম মৃন্ময় গগৈ ৷ এই ফুটবল খেলুৱৈজন নিজা বাসগৃহত উপস্থিত হোৱাৰ পিছতেই বিধায়কগৰাকীৰ নামত বিহু জুৰি আনন্দ উল্লাস কৰিলে গাঁওবাসীয়ে ।

উল্লেখ্য কৰা প্ৰয়োজন যে, অশান্ত মণিপুৰৰ চৌদিশে কেৱল জুই আৰু ধোঁৱা । জনজাতি অজনজাতি সংঘাতৰ মাজত আৱদ্ধ নাহৰকটীয়াৰ এজন যুৱক । মণিপুৰত আৱদ্ধ এজন যুৱকক সুকলমে উদ্ধাৰ কৰি আনিলে বিধায়ক তৰংগ গগৈয়ে (Naharkatia MLA Taranga Gogoi)। নাহৰকটীয়া বাহণি গাঁৱৰ জীৱন গগৈ আৰু লক্ষীপ্ৰভা গগৈৰ পুত্ৰ মৃন্ময় গগৈয়ে মণিপুৰৰ ইম্ফলৰ ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণ চমুকৈ ছাই একাডেমিত এগৰাকী ফুটবল খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ।

শেষতীয়াকৈ মণিপুৰত অশান্ত পৰিৱেশ সৃষ্টি হোৱাত ভয় আৰু শংকাত দিন অতিবাহিত কৰিব লগা হৈছিল যুৱকজনৰ লগতে পৰিয়ালবৰ্গ (Rescue operation in Manipur)। এই কথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে অৱগত হোৱাত তেওঁ তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰি যুৱকজনক ইম্ফলৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় ।

মৃণ্ময় গগৈ সুকলমে আহি নিজা বাসগৃহত উপস্থিত হোৱাত জয়পুৰৰ সমাজকৰ্মী মৃদুল কলিতা আৰু বিধায়ক তৰংগ গগৈৰ নামলৈ বিহুনাম জুৰি গাঁওবাসীয়ে এনেদৰে আনন্দ উল্লাস কৰা লগতে পৰিয়ালৰ লোক আৰু গাওঁবাসীয়ে বিধায়কগৰাকীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে । বিধায়ক তৰংগ গগৈৰ এনে মানৱদৰদী প্ৰদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে (Manipur violence update)।

ইপিনে, অগ্নিগৰ্ভা মনিপুৰত আৱদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে আৰক্ষীয়ে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ (Two helpline numbers open for Manipur)। 1079 আৰু 1070 এই দুটা নম্বৰত যিসকল লোকে উভতি আহিব বিচাৰিছে তেওঁলোকক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । ইয়াৰ পিচতেই বহুতো লোকে স্বস্তিৰ নিশ্বাস পেলাইছে ।

লগতে পঢ়ক : Laxmi Sonowal Rajkhowa wins bronze: আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তলন প্ৰতিযোগিতাত জিলিকিল চাবুৱাৰ জীয়ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.