ETV Bharat / state

Assam Tea : মহাবীৰবাৰী বাগিচাত উৎপাদিত গ'ল্ডেন টিপছ চাহপাত নিলামত বিক্ৰী হ’ল প্ৰতি কেজি ৬১ হাজাৰ টকাত

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 10:54 PM IST

Assam Tea
দুলীয়াজানৰ মহাবীৰবাৰী চাহ বাগিচা

অসমত উৎপাদিত এক কেজি চাহ বিক্ৰী হ’ল ৬১ হাজাৰ টকাত ৷ দুলীয়াজানৰ মহাবীৰবাৰী চাহ বাগিচাত উৎপাদিত "গ'ল্ডেন টিপছ" নামৰ বিশেষ চাহবিধ বিক্ৰী হ’ল ৬১ হাজাৰ টকাত ৷

এক কেজি গ'ল্ডেন টিপছ চাহপাত নিলামত বিক্ৰী হ’ল ৬১ হাজাৰ টকাত

নাহৰকটীয়া, 18 ছেপ্টেম্বৰ : চাহ উৎপাদনত বিশ্বৰ ভিতৰতে অসমৰ চাহৰ এক সুকীয়া বৈশিষ্ট্য আছে ৷ এইবাৰ অসমত উৎপাদিত এক কেজি চাহ বিক্ৰী হ’ল ৬১ হাজাৰ টকাত ৷ দুলীয়াজানৰ মহাবীৰবাৰী চাহ বাগিচাত উৎপাদিত "গ'ল্ডেন টিপছ" নামৰ বিশেষ চাহবিধ নিলাম প্ৰক্ৰিয়াত বিক্ৰী হ’ল ৬১ হাজাৰ টকাত ৷

মহাৰাষ্ট্ৰৰ বিক্ৰম টি প্ৰছেছৰ অফ জালনা প্ৰাইভেট লিমিটেডে ক্ৰয় কৰে এই বিশেষ চাহ ৷ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰে এই সোণালী চাহ ৷ বিগত বৰ্ষত ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত উৎপাদিত চাহ বিক্ৰী হৈছিল এক লাখ পোন্ধৰ হাজাৰ টকা মূল্যত ৷ চলিত 2023 বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চাহৰ দাম উঠিল ৬১ হাজাৰ টকালৈ ৷

অসমৰ এখনৰ পিছত এখন চাহ বাগিচাৰ এনে উৰ্দ্ধমুখী যাত্ৰাই আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ চাহ উদ্যোগটোলৈ ৷ আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বজাৰত ইতিমধ্যে অসমৰ চাহে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে বুলি আমি সকলোৱে জানো ৷ শেহতীয়াকৈ পুনৰ অসমৰ চাহে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল ৷

নিলাম বজাৰত জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা অসমৰ এক কেজি চাহপাত বিক্ৰী হয় ৬১ হাজাৰ টকাত ৷ এই সোণালী চাহ বিক্ৰী কৰি অভিলেখ গঢ়িলে দুলীয়াজানৰ বকুলনী চাৰিআলি অৱস্থিত চহৰীয়া গ্ৰুপৰ মহাবীৰবাৰী চাহ বাগিচাই ৷ যোৱা ১২ ছেপ্টম্বৰত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত বিক্ৰী হয় মহাবীৰবাৰী চাহ বাগিচাৰ এই বিশেষ সোণালী চাহ ৷ এই চাহ ক্ৰয় কৰে মহাৰাষ্ট্ৰৰ Brikram Tea processor private limited এ ৷ পোন প্ৰথমবাৰৰ বাবে তিনিমাহযোৰা প্ৰচেষ্টাৰ ফলত মহাবীৰবাৰী বাগিচা কৰ্তৃপক্ষই এই সফলতা বুটলিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই চাহৰ নিলামত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : Vishwakarma Puja : অস্ত্ৰ-শস্ত্ৰ পূজাৰে মৰাণ আৰক্ষীয়ে অনুষ্ঠিত কৰিলে বিশ্বকৰ্মা পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.