ETV Bharat / state

Assam Gas Company Limited: 2 বছৰত 70 কোটি টকাৰ লোকচানৰ সন্মুখীন অসম গেছ কোম্পানী লিমিটেড

author img

By

Published : Aug 16, 2023, 3:31 PM IST

70 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে অসম গেছ কোম্পানী লিমিটেড ৷ ডিব্ৰুগড়, তিনিচুকীয়াৰ ২৫টা চাহ কোম্পানী জড়িত আছে গেছ চুৰিত ৷ এই চাঞ্চল্যকৰ তথ্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ৷

Assam Gas Company Limited
Assam Gas Company Limited

2 বছৰত 70 কোটি টকাৰ লোকচানৰ সন্মুখীন অসম গেছ কোম্পানী লিমিটেড

ডিব্ৰুগড়, 16 আগষ্ট: জাগীৰোডৰ কাগজ কল, নামৰূপ সাৰ কাৰখানাৰ পাছতেই ক্ৰমাৎ দেউলীয়া হৈছে অসম গেছ কোম্পানী । অসমৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাই অহা অসম গেছ কোম্পানীয়ে ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে । বিগত দুটা বৰ্ষত অসম গেছ কোম্পানী 70 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ।

যি সময়ত অসমৰ গেছ কোম্পানীৰ জড়িয়তে ঘৰে ঘৰে ৰাজ্য চৰকাৰে পাইপেৰে গেছ যোগান ধৰাৰ কথা ঘোষণা কৰি আঁচনি ৰূপায়ণৰ বাবে তৎপৰ হৈছে, তেনে সময়ত অসম গেছ কোম্পানী লিমিটেডে ব্যাপক লোকচানৰ সন্মুখীন হোৱাত চিন্তিত কৰি তুলিছে সকলোকে । জানিব পৰা অনুসৰি উজনি অসমৰ কেইবাখনো জিলাৰ চাহ বাগিচালৈ গেছ সৰবৰাহ কৰি লোকচানৰ সন্মুখীন হৈছে অসম গেছ কোম্পানী লিমিটেড ।

অইল ইণ্ডিয়াই উৎপাদন কৰা গেছ বিভিন্ন উদ্যোগ, চাহ বাগিচালৈ সৰবৰাহ কৰি আহিছে অসম গেছ কোম্পানীয়ে । বিশেষকৈ গেছ কোম্পানীয়ে কঁঠালগুৰি নীপকো, নামৰূপ আৰু লাকুৱা থাৰ্মেল , বি ভি এফ চি এল, বি চি পি এল আৰু এ পি এলৰ লগতে উজনি অসমৰ মুঠ ছখন জিলাৰ 484 খন চাহ বাগিছালৈ পাইপেৰে গেছ সৰবৰাহ কৰি লাভজনক উদ্যোগৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল অসম গেছ কোম্পানী ।

কিন্তু ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ 25 টা চাহ কোম্পানী জড়িত হৈ গেছ চুৰি কৰি লোকচানৰ সন্মুখীন কৰাইছে অসম গেছ কোম্পানীক । এই চাহ কোম্পানীসমূহে দীৰ্ঘদিন ধৰি গেছ টেম্পাৰিং কৰাৰ ফলত কোটি কোটি টকা ৰাজহৰ পৰা বঞ্চিত হৈছে গেছ কোম্পানী। লোকচানৰ সন্মুখীন হোৱা পাছতেই অনুসন্ধান কৰি এই কথা পোহৰলৈ আনিবলৈ সক্ষম হৈ অসম গেছ কোম্পানীৰ কৰ্তৃপক্ষই এই কথা সদৰী কৰিছে অসম গেছ কোম্পানীৰ অধ্যক্ষ বলীন চেতিয়াই ।

লগতে অধ্যক্ষ বলীন চেতিয়াই কয়, ‘‘গেছ চুৰি কাৰ্যৰ লগত জড়িতসকলে ধন দিয়াৰ বাবে আগবঢ়ি আহিছে ৷ যদি ধন নিদিয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।’’ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসম গেছ কোম্পানীৰ পাইপ লাইনৰ পৰা গেছ চুৰি কৰা কাৰ্য চলি আহিছে যদিও কোম্পানীয়ে বিশেষ পদক্ষেপ ইয়াৰ বিৰুদ্ধে লোৱা পৰিলক্ষিত হোৱা নাছিল ।

অসম গেছ কোম্পানীৰে একাংশ কৰ্মচাৰী ইয়াত জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে । এতিয়া ব্যাপক লোকচানৰ সন্মুখীন হোৱা পাছতেই গেছ কোম্পানীৰ ভিতৰচ'ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ট হোৱাত আৰম্ভ হৈছে তদন্ত । এই তদন্ত কেনেদৰে আগবঢ়াই নিয়ে বা পুনৰ অসম গেছ কোম্পানীক লাভজনক উদ্যোগ হিচাবে গঢ়িবলৈ বৰ্তমানৰ চৰকাৰ সক্ষম হয় নে নহয় সেইয়া সময়ত হে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: APCC Bhupen Borah: অসমত কেৱল এটা পৰিয়ালৰ সম্পত্তি দৈনিক বাঢ়ি যাব ধৰিছে; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.