ETV Bharat / state

ডিব্ৰুগড়ত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে

author img

By

Published : Sep 7, 2022, 10:47 PM IST

বুধবাৰে ৰাজ্যত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত মেধাৱী ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা (Anundaram Barooah Award) ৷ সমান্তৰালভাৱে ডিব্ৰুগড়তো ১০৮৪ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

Anundaram Barooah Awards ceremony held in Dibrugarh
ডিব্ৰুগড়ত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে

ডিব্ৰুগড়, 7 ছেপ্টেম্বৰ: ছাত্ৰ-ছাত্ৰীলৈ শৈক্ষিক উৎকৰ্ষৰ প্ৰেৰণা যোগাই বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি কৃতী শিক্ষাৰ্থী সকলক প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা (Anundaram Barooah Award)। সামান্তৰালভাৱে ডিব্ৰুগড়তো এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড় আউনিআটি শাখা সত্ৰ প্ৰেক্ষাগৃহত কৃতী ছাত্ৰ-ছাত্ৰী সকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ।

ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে জিলাখনৰ ১০৮৪ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক বঁটাসমূহ প্ৰদান কৰা কৰে । ইয়াৰে ১০ গৰাকী সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত কৃতী শিক্ষাৰ্থীক চেকসহ মানপত্ৰ প্ৰদান কৰে (Anundaram Barooah Awards ceremony held in Dibrugarh) ।

ডিব্ৰুগড়ত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে

উল্লেখ্য যে, অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱা, কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ খনীন্দ্ৰ মিশ্ৰ ভাগৱতী, কলাখোৱা মিৰিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূণ্যনাথ পাংগিং আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মন কৰিবলগীয়া যে, পূৰ্বে চৰকাৰে আনন্দৰাম বৰুৱা বঁটা হিচাপে ছাত্ৰ-ছাত্ৰীক একোটাকৈ লেপটপ প্ৰদান কৰিছিল । কিন্তু এইবাৰ লেপটপৰ সলনি ১৬,০০০ টকাকৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ তেওলোকৰ বেংক একাউণ্টকত ভৰাই দিছে চৰকাৰে ।

লগতে পঢ়ক: দহ বছৰ ধৈৰ্য ধৰিলে শিক্ষা জগতৰ শীৰ্ষত উপনীত হ'ব অসম: মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.