ETV Bharat / state

শ্বহীদ দিৱসৰ দিনটোতেই কা বিৰোধী শ্ল'গানেৰে উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

author img

By

Published : Dec 11, 2020, 2:06 PM IST

শ্বহীদ দিৱসৰ দিনটোত কা বিৰোধী শ্ল'গানেৰে পুনৰ উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় চহৰত শতাধিক আছু কৰ্মীৰ জোৰ সমদল ৷ কা ৰ বিৰুদ্ধে যুঁজি যোৱাৰ হুংকাৰ আছু কৰ্মীৰ ৷

dibrugarh aasu protest against caa
শ্বহীদ দিৱসৰ দিনটোতেই কা বিৰোধী শ্ল'গানেৰে উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

মৰাণ, 10 ডিচেম্বৰ: ৰাজ্যত পুনৰ সবল হৈ উঠিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ শ্বহীদ দিৱসৰ দিনটোতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী গৃহ চহৰ ডিব্ৰুগড় আছুৱে উত্তাল কৰি তোলে ৷ ডিব্ৰুগড় চহৰত এক এক জোঁৰ সমদল বাহিৰ কৰি শতাধিক আছু কৰ্মীয়ে কোনো কাৰণতে কা মানি লোৱা ন'হব বুলি হুংকাৰ প্ৰদান কৰে ৷

কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ আছু কৰ্মীৰ

সদৌ অসম ছাত্ৰ সন্থা (আছু) ৰ শ্বহীদ ভৱনৰ পৰা উলোৱা এই প্ৰতিবাদে সমগ্ৰ চহৰ কঁপাই তোলে ৷ কা বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলা প্ৰতিবাদকাৰী সকলে চৰকাৰে এই আইন বাতিল নকৰা পৰ্যন্ত পূৰ্বতকৈও অধিক জংগী আন্দোলন গঢ়ি তুলিব হুংকাৰ প্ৰদান কৰে ৷


লগতে পঢ়ক:অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.