ETV Bharat / state

পুনৰ 'কা' বিৰোধী প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

author img

By

Published : Dec 24, 2020, 8:27 AM IST

Updated : Dec 24, 2020, 8:45 AM IST

'কা' বিৰোধী প্ৰতিবাদত পুনৰ উত্তাল হ'ল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিহ্ৰুগড় ৷ ডিব্ৰুগড় চহৰত শতাধিক আছু কৰ্মীৰ প্ৰতিবাদী জোৰ সমদল ৷ চৰকাৰক আইন বাতিলৰ দাবী জনাই জংগী আন্দোলনৰ হুংকাৰ ৷

Protest against CAA at Dibrugarh
পুনৰ 'কা' বিৰোধী প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

মৰাণ, 24 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন(কা) ৰ বিৰোধিতাৰে বুধবাৰে সন্ধিয়া পুনৰ মুখ্যমন্ত্ৰী গৃহ চহৰ ডিব্ৰুগড় প্ৰতিবাদেৰে উত্তাল হৈ পৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আছুৰ শতাধিক কৰ্মীয়ে হাতে হাতে জোঁৰ লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰি নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে ৷

'কা' আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হুংকাৰ

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি আছু কৰ্মী সকলে এই প্ৰতিবাদ চলাই নিব বুলি মন্তব্য কৰে ৷ কানৈ মহাবিদ্যলয়ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ কে.চি. গগৈ পথ হৈ থানা চাৰিআলিত মিলিত হৈ 'কা' বিৰোধী শ্ল'গানেৰে ডিব্ৰুগড় চহৰৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷

উল্লেখ্য ৰাজ্যত পুনৰ কা বাতিলৰ দাবীৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ সবল হৈ উঠাৰ লগে লগে ডিব্ৰুগড়তো বুধবাৰে আছু কৰ্মী সকলে 'কা' বিৰোধী প্ৰবল প্ৰতিবাদ গঢ়ি তোলে ৷ চৰকাৰে এই আইন বাতিলৰ বাবে কোনো ব্যৱস্থা হাতত ন'ললে পূৰ্বতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলা হ'ব প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত ভূমি অধিকাৰ প্ৰদান সন্দৰ্ভত সভা

Last Updated : Dec 24, 2020, 8:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.