ETV Bharat / state

সাহস আছে যদি শক্তিশালী মুখ্যমন্ত্ৰীয়ে দিল্লীত চাওলুং ছ্যু-কা-ফাৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰক: লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 7:30 PM IST

AJP Observed Sukapha Divas at Barbaruah
অসম জাতীয় পৰিষদ

ডিব্ৰুগড়ৰ বৰবৰুৱাৰ ছ্যু-কা-ফা ভৱনস্থিত স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ কেন্দ্ৰীয় ব’ৰ্ডৰ অধীনৰ সকলো পাঠ্যক্ৰমতে অসমৰ বুৰঞ্জী অন্তৰ্ভূক্ত কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় অজাপৰ সভাপতিগৰাকীয়ে ৷

ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন অসম জাতীয় পৰিষদৰ সভাপতিৰ

ডিব্ৰুগড়, 2 ডিচেম্বৰ : "স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাক লৈ কোনেও ৰাজনীতি কৰা উচিত নহয় ৷ এইটো এটা সকলোৰে জাতীয় দায়িত্ব ৷ কেৱল মাত্ৰ এটা জনগোষ্ঠীয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠী, প্ৰতিখন ৰাজ্যৰ মানুহেই স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাক শ্ৰদ্ধা কৰে, সন্মান কৰে ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ ডিব্ৰুগড়ৰ বৰবৰুৱাৰ ছ্যু-কা-ফা ভৱনস্থিত স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি এই মন্তব্য কৰে অজাপৰ সভাপতিজনে ৷

তেওঁ কয় যে, সকলো পাহাৰ-ভৈয়াম একত্ৰিত কৰি, এক মহাজাতি গঠন কৰিছিল, বুনিয়াদ গঠন কৰিছিল স্বৰ্গদেউজনাই ৷ সমগ্ৰ পৃথিৱীৰ যিবোৰ ৰাজনৈতিক ইতিহাস, সাধাৰণতে জাতি গঠন প্ৰক্ৰিয়া, সাম্ৰাজ্য বিস্তাৰৰ ঘটনা ঘটে ব্যাপক ৰক্তপাত হয় ৷ কিন্তু অসমত বা উত্তৰ-পূৰ্বাঞ্চলত সাম্ৰাজ্য বিস্তাৰৰ সময়ত যিটো হাৰত ৰক্তপাত হ’ব লাগে হোৱা নাই ৷ কাৰণ স্বৰ্গদেউ চাউলুং ছ্যু-কা-ফাৰ আদৰ্শ আছিল সকলোকে সামৰি লোৱাৰ, একতাৰ ডোলেৰে বন্ধাৰ ৷

ইফালে অসম দিৱসৰ দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, সাহস আছে যদি অসম চৰকাৰৰ শক্তিশালী মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীত চাওলুং ছ্যু-কা-ফাৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰি অসমীয়াৰ প্ৰতি, আহোম ৰাজ শাসন ব্যৱস্থাৰ প্ৰতি শ্ৰদ্ধা দেখুৱাওক ৷ লগতে মুখ্যমন্ত্ৰীৰ যদি দিল্লীত গুৰুত্ব আছে, চাওলুং ছ্যু-কা-ফা, লাচিত বৰফুকন, স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ কথা ভাৰতবৰ্ষৰ মানুহে জানিব পৰাকৈ কেন্দ্ৰীয় ব’ৰ্ডৰ অধীনৰ সকলো পাঠ্যক্ৰমতে অসমৰ বুৰঞ্জী অন্তৰ্ভূক্ত কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় অজাপৰ সভাপতিগৰাকীয়ে ৷

উল্লেখ্য যে, 600 বছৰীয়া আহোম ৰাজত্বৰ প্ৰথমগৰাকী স্বৰ্গদেউ তথা বৰ অসমৰ ভেটি গঢ়োতা চাওলুং ছ্যু-কা-ফাক আজি প্ৰতিজন অসমবাসীয়ে স্মৰণ কৰিছে ৷ বৰ অসমৰ ভেটি গঢ়োতা মহান স্বৰ্গদেউগৰাকীৰ স্মৃতিত আজি পালন কৰা হৈছে অসম দিৱস ৷ এই উপলক্ষে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ ছ্যু-কা-ফা ভৱনস্থিত চাওলুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি আশীষ গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ নেতা-কৰ্মী সকলে ৷

লগতে পঢ়ক : ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লাচিতৰ প্ৰতিমূৰ্তি, অসম দিৱসত মুখ্যমন্ত্ৰীৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.