বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ

author img

By

Published : Sep 4, 2021, 9:10 PM IST

বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ

বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ । বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত বাঙালী সংগঠনে এজাহাৰ দাখিল কৰি যি ভয় দেখুৱাইছে তাক কেতিয়াও মানি লোৱা নহ'ব বুলি উল্লেখ কৰে মটক ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে ।

মৰাণ, 4 ছেপ্তেম্বৰ: এখন ব্যৱসায়িক প্ৰতিষ্ঠানক লৈ শিৱসাগৰত বীৰ লাচিত সেনা আৰু বাঙালী ব্যৱসায়ীৰ মাজত এক সংঘাটৰ সৃষ্টি হৈছিল । এই ঘটনাৰ পাছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । কিছু লোকে বীৰ লাচিত সেনাক সমৰ্থন আগবঢ়ালেও আন কিছুয়ে বীৰ লাচিত সেনাক সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

ইয়াৰ সমান্তৰালভাৱে বাঙালী ব্যৱসায়ীৰ ওপৰত ভয় ভাবুকি প্ৰয়োগ কৰাত বাঙালী সংগঠন সমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত এজাহাৰ দাখিল কৰিছে । তাৰ পাছতে সমগ্ৰ বিষয়টোক এক জাতিগত সংঘাটৰ দৰে ধাৰণা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে একাংশই ।

বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ

ইয়াৰ মাজতে বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ । বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত বাঙালী সংগঠনে এজাহাৰ দাখিল কৰি যি ভয় দেখুৱাইছে, তাক কেতিয়াও মানি লোৱা নহ'ব বুলি কয় মটক ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে । লগতে তথাকথিত বাঙালী সংগঠনটোৱে অসমীয়া জাতিৰ ওচৰত হেয় প্ৰতিপন্নহে হ'ব বুলি কয় নেতা গৰাকীয়ে ।

লগতে পঢ়ক: বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.