ETV Bharat / state

BCPL ৰ সন্মুখত আছুৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Aug 24, 2021, 11:11 AM IST

শ্বহীদ উদ্যান নিৰ্মাণ, থলুৱা যুৱক-যুৱতীক নিযুক্তি আদি কেইবাটাও দাবীৰ আছুৱে উত্তাল কৰি তোলে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ চৌহদ । ১০ দিনৰ ভিতৰত কোনো ব্যৱস্থা নল'লে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ ।

AASU protest
BCPLৰ সন্মুখত আছুৰ অৱস্থান ধৰ্মঘট

মৰাণ, ২৪ আগষ্ট : ৮৫৫ গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল ৷ অসম চুক্তি (Assam accord) অনুসৰিয়ে ডিব্ৰুগড় জিলাৰ লেপেটকটাত স্থাপন হৈছিল ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL) । কিন্তু শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে শ্বহীদৰ বলিদানক অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে । প্ৰতিষ্ঠানটোত শ্বহীদৰ স্মৃতিত এক উদ্যান নিৰ্মাণৰ দাবী জনাই আহিছিল সদৌ অসম ছাত্ৰ সন্থাই (AASU) ।

আছুৰ এই দীৰ্ঘদিনীয়া দাবীক গুৰুত্ব দিয়া নাছিল বিচিপিএল কৰ্তৃপক্ষই । যাৰ বাবে জাঙুৰ খাই উঠিছে আছু । ইফালে অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোৱে থলুৱা যুৱকক নিযুক্তি দিয়াৰ পৰিৱৰ্তে বহিৰাগত যুৱককহে এই ক্ষেত্ৰত আগস্থান দি আহিছে । এই সকলোবোৰ অভিযোগ উত্থাপন কৰি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ।

সোমবাৰে বিচিপিএলৰ মুখ্য প্ৰৱেশদ্বাৰ সন্মুখত ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু বৰবৰুৱা ছাত্ৰ সন্থাৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৱে ।

প্ৰস্তাৱিত শ্বহীদ উদ্যান নিৰ্মাণ, থলুৱা যুৱক-যুৱতীক নিযুক্তি আদি কেইবাটাও দাবী উত্থাপন কৰে আছুৱে । সমান্তৰালকৈ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিষ্ঠানটোক আছু ১০ দিনৰ সময়সীমা দিয়ে । এই ১০ দিনত প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়াৱহ আন্দোলনৰো হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে ।

উল্লেখ্য যে, আছু নেতাসকলে জনোৱা মতে এই দাবীসমূহৰ সন্দৰ্ভত আছুৱে পূৰ্বেও বহু প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু তেওঁলোকৰ প্ৰতিবাদক অলপো গুৰুত্ব দিয়া নাই বিচিপিএল কৰ্তৃপক্ষই । তেওঁলোকৰ অভিযোগ শ্বহীদক একপ্ৰকাৰ অপমান কৰিছে বিচিপিএলে । সেয়ে এই অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও হুংকাৰ দিয়ে জিলা ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকলে ।

লগতে পঢ়ক: মধ্যাহ্ন ভোজনৰ বাবে মজুত চাউল ভক্ষণ বন্যহস্তীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.