ETV Bharat / state

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Sep 10, 2021, 6:36 PM IST

দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হ'ল ঠিকেই । কিন্তু প্ৰকৃততে চৰকাৰ তথা বন বিভাগে সদ্যঘোষিত ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ বাবে কি কি ব্যৱস্থা হাতত লৈছে ? ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত একাংশ অসাধু লোকে বন ধ্বংস অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে দিহিং পাটকাইৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি ।

AASU protest for protection of Dehing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দাবীত আছুৰ প্ৰতিবাদ

মৰাণ, ১০ ছেপ্টেম্বৰ : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত শুকুৰবাৰে ডিব্ৰুগড়ৰ জয়পুৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ তথা বন বিভাগক সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি । এই প্ৰতিবাদী কাৰ্যসূচীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থায়ো সহযোগ কৰে । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষাৰ নামত ভেল্কি বাজি বন্ধ কৰিবলৈ অসম চৰকাৰক সকীয়াই দিয়ে ছাত্ৰ সংগঠনটোৱে ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দাবীত আছুৰ প্ৰতিবাদ

লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰচ'ৰাত চলি থকা বন ধ্বংস বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায় ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে । দিহিং পাটকাইৰ পৰা চোৰাং কাঠৰ বেহা চলি থকাৰ অভিযোগ তুলিছে আছুৰ কৰ্মকৰ্তাসকলে । লগতে পক্ষী আৰু জন্তুবোৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায় । ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দায়িত্বত থকা বনকৰ্মীক পৰ্যাপ্ত পৰিমাণে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হোৱা নাই বুলিও ছাত্ৰ সংগঠনটোৱে অভিযোগ উত্থাপন কৰে ।

ডিব্ৰুগড় জিলাৰ শতাধিক আছু কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । বিজেপি চৰকাৰ মুৰ্দাবাদ, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা নিশ্চিত কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৰ কৰ্মকৰ্তাই ।

আছুৰ বিক্ষোভ কাৰ্যসূচীত কেইবাখনো আঞ্চলিক সমিতিৰ সদস্যই অংশগ্ৰহণ কৰে । উল্লেখ্য যে, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি থকা দিহিং পাটকাইক কেইমাহমান পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল । কিন্তু এশৰো অধিক অৰ্কিড, বিভিন্ন প্ৰজাতিৰ পক্ষী, আপুৰুগীয়া জীৱ-জন্তুৰে ভৰি থকা দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছতো সুৰক্ষাৰ দিশটো গুৰুত্ব সহকাৰে লোৱা নাই বন বিভাগে । দীৰ্ঘ দিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল্যৱান গছ-গছনি চোৰাংভাৱে বনদস্যুৱে কাটি তহিলং কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

বিশেষকৈ অৰুণাচলৰ চোৰাং কাঠ ব্যৱসায়ীয়ে গছ কটাৰ অভিযোগ তুলিছে বিভিন্ন সংগঠনে । যোৱা ২০ জুলাইত জয়পুৰ বন সংমণ্ডলৰ বনকৰ্মী আৰু অৰুণাচলী চোৰাং কাঠ ব্যৱসায়ীৰ মাজত গুলীয়াগুলিও সংঘটিত হয় । প্ৰায় ১ ঘণ্টা সময় ধৰি দুয়ো পক্ষৰ মাজত সংঘটিত হোৱা এই গুলীয়াগুলিত থিতাতে নিহত হৈছিল চোৰাং কাঠৰ বেপাৰীয়ে কুণ্ডা টানিবলৈ ব্যৱহাৰ কৰা এজনী মাইকী হাতী ।

চোৰাং কাঠ ব্যৱসায়ীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত থকা বাখৱনলা অঞ্চলত গছ কাটি থকাৰ সময়তে বন বিভাগৰ তহলদাৰী এটা দলে গছ কটা মেচিনৰ শব্দ শুনি ঘটনাৰ উৎস বিচাৰি যাওঁতে চোৰাং কাঠ ব্যৱসায়ীৰ দলটোৰে মুখামুখি হয় । এনে ঘটনা সংঘটিত হোৱাৰ পিছতো বন বিভাগে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা দেখা নগ'ল । সেয়ে, বন বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ আছুৱে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

লগতে পঢ়ক : বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.