ETV Bharat / state

AAP Joining Campaign : ডিব্ৰুগড়ত আপৰ বৃহৎ যোগদান কাৰ্যসূচী

author img

By

Published : Jan 10, 2023, 5:31 PM IST

AAP Joining program in Dibrugarh
ডিব্ৰুগড়ত শতাধিক পুৰুষ-মহিলাই আপত যোগদান কৰে

সমাগত লোকসভা নিৰ্বাচন (Lok Sabha election 2024) ৷ তৎপৰ হৈছে ৰাজনৈতিক দলসমূহো ৷ বাদ পৰি ৰোৱা নাই আপো ৷ আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি আপে ডিব্ৰুগড়ৰ হোটেল ডি পিমলেনত মঙলবাৰে আয়োজন কৰে এক যোগদান কাৰ্যসূচী (AAP Joining program in Dibrugarh) ৷ য’ত শতাধিক পুৰুষ-মহিলাই আপত যোগদান কৰে ৷

ডিব্ৰুগড়ত শতাধিক পুৰুষ-মহিলাই আপত যোগদান কৰে

ডিব্ৰুগড়, 10 জানুৱাৰী : দিল্লীৰ পাচত এইবাৰ অসমক লক্ষ্য কৰি লৈছে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টীয়ে (Aam Aadmi Party) । অসমৰ প্ৰতিখন জিলাত দলীয় সাংগঠিনক ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰতাৰে কাম কৰিছে আপে । আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ৰাজ্যত এতিয়া আম আদমী পাৰ্টীয়ে বিভিন্ন স্থানত ব্যাপক যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছে ।

সেই উদ্দেশ্যে মঙলবাৰে ডিব্ৰুগড়ত আয়োজন কৰা হৈছে আপৰ এক যোগদান কাৰ্যসূচী ৷ ডিব্ৰুগড়ৰ হোটেল ডি পিমলেনত অনুষ্ঠিত আপৰ সভাত আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ব্ৰজেন সন্দিকৈৰ উপস্থিতিত প্ৰায় শতাধিক পুৰুষ-মহিলাই আপত যোগদান কৰে (AAP Joining program in Dibrugarh) ।

আপৰ এই যোগদান অনুষ্ঠানত আপৰ ৰাজ্যিক সহঃ সমন্বয়ক মনোজ ধানোৱাৰ, ৰাজ্যিক যুটীয়া সমন্বয়ক অনামিকা দাস, ডিব্ৰুগড় জিলাৰ সমন্বয়ক আৰু দ্বিজেন গগৈৰ উপস্থিত থাকে ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ইতিমধ্যে আপে বিভিন্ন স্থানত যোগদান কাৰ্যসূচী ৰূপায়ন কৰিছে ৷

লগতে পঢ়ক : Loksabha election 2024: কংগ্ৰেছে কৰা ভুলৰ ফল অসমৰ সংখ্যালঘু ৰাইজে ভূগিছে: বদৰুদ্দিন আজমল

লগতে অসমত দলটোক শক্তিশালী কৰাৰ বাবে আপে বহু কাৰ্যপন্থা হাতত লৈছে ৷ আনকি অসমৰ ৰাইজেও নতুন দিল্লীত কেজৰিৱালে কৰা সু-শাসনৰ প্ৰতি আকৃষ্ট হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে এগৰাকী আপৰ নেতাই ৷ লগতে তেওঁ কয়, ‘‘আপে যিদৰে দিল্লী অথবা পঞ্জাৱ দখল কৰি ৰাজ্যবাসীৰ সুবিধাৰ্থে বিভিন্ন কাম হাতত লৈছে ৷ তেনেদৰে অসমৰ ৰাইজেও সেই সুবিধাসমূহ লাভ কৰাতো দৰকাৰী’’ ৷

সংবাদ মাধ্যমৰ আগত আপৰ নেতাগৰাকীয়ে লগতে কয়, ‘‘গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰা আপৰ লক্ষ্য এইবাৰ আগন্তুক লোকসভা নিৰ্বাচন (Lok Sabha election 2024)৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে আপে প্ৰতিদ্বন্দিতা আগবঢ়াই এটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু সমাগত পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ কিছু কিছু জিলাত নিজৰ সাংগঠনিক অস্তিত্ব প্ৰমাণ কৰিবলৈ যে সক্ষম হ’ব সেই কথা প্ৰায় নিশ্চিত হৈ উঠিছে’’ ।

লগতে পঢ়ক : BJP meeting at Rangia : এখন ৰাজ্যৰ প্ৰভাৰী হৈ জীতেন্দ্ৰ সিঙে ৰাজ্যখনৰ বিষয়ে জনাটো দৰকাৰ: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.