ETV Bharat / state

Angurlata Ahom controversy : আঙুৰলতা ডেকাৰ বিৰুদ্ধে মৰাণত ৭ টাকৈ সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Aug 4, 2022, 6:17 PM IST

Angurlata Ahom controversy
আঙুৰলতা ডেকাৰ বিৰুদ্ধে মৰাণত ৭ টাকৈ সংগঠনৰ প্ৰতিবাদ

আহোম জনগোষ্ঠীক অপমান কৰা বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে মৰাণত ৭ টাকৈ সংগঠনৰ তীব্ৰ প্ৰতিবাদ (Protest against BJP leader Angurlata Deka)। আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবী জনায় সংগঠনকেইটাই । বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে সংগঠনকেইটাই ।

মৰাণ,৪ আগষ্ট : আহোম জনগোষ্ঠীক অপমান কৰি বিতৰ্কত সোমাই পৰিছে বিজেপি নেত্ৰী আঙুৰলতা ডেকা (Angurlata Deka in controversy)। শেহতীয়াকৈ আহোম জনগোষ্ঠী মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উঠিছে আঙুৰলতাৰ বিৰুদ্ধে । যাৰ বাবে ৰাজ্যজুৰি আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে (Protest against BJP leader Angurlata Deka)।

আঙুৰলতা ডেকাৰ বিৰুদ্ধে মৰাণত ৭ টাকৈ সংগঠনৰ প্ৰতিবাদ

বিশেষকৈ উজনি অসমৰ জিলাকেইখনত বিভিন্ন সংগঠনে আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । ডিব্ৰুগড় জিলাৰ মৰাণতো কেইবাটাও সংগঠনে বৃহস্পতিবাৰে যুটীয়াভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ অসম (টাইপা), সদৌ অসম আহোম সভা, আহোম গণ মঞ্চ, টাই আহোম জাতীয় পৰিষদ, আহোম সেনা, আহোম জাতীয় মহাসভা আৰু মহন দেউধাই বাইলুং সন্মিলনৰ সহযোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (7 organisations protest against Angurlata Deka in Moran)।

মৰাণ নগৰৰ ট্ৰেফিক তিনিআলিত আয়োজিত এই বিক্ষোভ কাৰ্যসূচীত আঙুৰলতা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠন কেইটাই । লগতে বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও স্পষ্ট কৰি দিয়ে সংগঠন কেইটাই ।

লগতে পঢ়ক :ATASU protest in Jorhat: আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আটাছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.