ATASU protest in Jorhat: আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আটাছুৰ

author img

By

Published : Aug 4, 2022, 2:26 PM IST

ATASU protest in Jorhat

বিজেপিৰ অসম ৰাজ্য়িক মহিলা মৰ্চাৰ সভানেত্ৰী(BJP Assam state mohila morcha)তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ তাই আহোম ছাত্র সন্থা(আটাছু)।আহোম জাতি মুৰ্দাবাদ শ্ল'গান দিয়াৰ অভিযোগ উত্থাপন কৰি অসম ৰাজ্য়িক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে(EX mla Angurlata Deka)।২৪ ঘন্টাৰ ভিতৰত আঙুৰলতা ডেকা আৰু সহযোগী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী।

যোৰহাট, ৪ আগষ্ট: বিজেপিৰ অসম ৰাজ্য়িক মহিলা মৰ্চাৰ সভানেত্ৰী(BJP Assam state mohila morcha) তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে সৰৱ হৈছে সদৌ তাই আহোম ছাত্র সন্থা(আটাছু)। আহোম জাতি মুৰ্দাবাদ শ্ল'গান দিয়াৰ অভিযোগ উত্থাপন কৰি অসম ৰাজ্য়িক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে(EX mla Angurlata Deka)।

উল্লেখ্য় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ বিজেপিৰ একাংশ কৰ্মীৰ লগতে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই'আহোম মুৰ্দাবাদ' শ্ল'গান দিয়াৰ পিছতেই সৰৱ হৈছে আটাছু । যোৱা ২৮ জুলাইত অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়ত আহোম জাতিক কৰা অপমানৰ বিৰূদ্ধে অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিছে সংগঠনটোৱে ।বৃহস্পতিবাৰে সদৌ তাই আহোম ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আটাছুৰ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা আটাছুৰ নেতাসকলে কয় যে অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীৰ এই কাৰ্যই সমগ্ৰ অসমীয়া সমাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । বৰ অসম গঢ়া চাউলুং চ্য়ুকাফাৰ অসমত এতিয়া ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে।বিভিন্ন জাতি- জনজাতিৰ মাজত বিভেদ সৃষ্টি কৰাই লক্ষ্য বিজেপিৰ । ধৰ্মৰ নামত বিভেদ, জাতিৰ নামত বিভেদ যেন বিজেপিৰ বাবে সাধাৰণ কথা । আনহাতে, আটাছুই আগন্তুক ২৪ ঘন্টাৰ ভিতৰত আঙুৰলতা ডেকা আৰু সহযোগী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক:Har Ghar Tiranga: গুজৰাটৰপৰা অসমৰ ডাকঘৰলৈ ৰাষ্ট্ৰীয় পতাকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.