ETV Bharat / state

বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নিজৰে বিৰ্তকিত মন্তব্যৰ সৰ্ন্দভত স্পষ্টিকৰণ

author img

By

Published : Nov 17, 2020, 12:43 PM IST

wazed-ali-reactions
বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নিজ বিৰ্তকিত মন্তব্যৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ

নিজৰে বিৰ্তকিত মন্তব্যৰ সৰ্ন্দভত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ স্পষ্টিকৰণঃ মই কোনো নিৰ্বাচনী সভা বা ৰাজহুৱা সভাত বক্তব্য ৰখা নাই আৰু মই কোনো সাম্প্ৰদায়িক মন্তব্য ৰখা নাই। মুছলমানৰ ওপৰত বিজেপি চৰকাৰে যি মানসিক নিৰ্যাতন আৰম্ভ কৰিছে সেই আৱেগত মই কথাখিনি কৈছিলোঁ । যদিওঁ মই কোনো জাতি বা ধৰ্মৰ বিৰুদ্ধে কোৱা নাছিলোঁ ।

ধুবুৰী,17 নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাম্প্ৰদায়িক মন্তব্য কৰিছে। সাম্প্ৰদায়িক মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই কেতিয়াওঁ সাম্প্ৰদায়িক মন্তব্য কৰা নাই আৰু মই সাম্প্ৰদায়িকতাক প্ৰচয় নিদিওঁ। এই মন্তব্য অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ।

উল্লেখ্য যে, দুদিনমান পূৰ্বে দক্ষিণ শালমাৰা সমষ্টিৰ এখন কৰ্মী সভাত উপস্থিত হৈ সমষ্টিটোৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে নিজৰ ভাষণত বিজেপি চৰকাৰক তীব্র সমালোচনা কৰিবলৈ গৈ ২০২১ চনত পুণৰ বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিলে অসমত মুছলমান সকলৰ বিপদ হ’ব বুলি কৈ ভাৰতবৰ্ষত থাকিবলৈ হলে মুছলমানে হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে। তাৰোপৰি তাজমহল আৰু লালকিল্লা মুছলমানৰ সম্পদ বুলি ভাষণত উল্লেখ কৰাৰ পিচতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নিজ বিৰ্তকিত মন্তব্যৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ

ইয়াৰ পিচতেই বিজেপিৰ কেইবাজনো নেতাৰ লগতে বিভিন্ন দল সংগঠনে ৱাজেদ আলী চৌধুৰীক সাম্প্ৰদায়িক নেতা বুলি আখ্যা দিয়া পৰিলক্ষিত হয়। ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ থকাৰ সময়তে সোমবাৰে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। তেওঁ কয়ঃ মই কোনো নিৰ্বাচনী সভা বা ৰাজহুৱা সভাত বক্তব্য ৰখা নাই আৰু মই কোনো সাম্প্ৰদায়িক মন্তব্য ৰখা নাই। মুছলমানৰ ওপৰত বিজেপি চৰকাৰে যি মানসিক নিৰ্যাতন আৰম্ভ কৰিছে সেই আৱেগত মই কথাখিনি কৈছিলোঁ । যদিওঁ মই কোনো জাতি বা ধৰ্মৰ বিৰুদ্ধে কোৱা নাছিলোঁ ।

লগতে তেওঁ কয়, আগন্তক ২০২১ ৰ নিৰ্বাচনত বিজেপি ৰাজ্যত চৰকাৰ গঠন কৰিলে মুছলমান সকল ৰাজ্য তথা দেশত থকাটো কঠিন হ’ব আৰু দেশত থাকিবলৈ হলে মুছলমান সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব। ইপিনে ৱাজেদ আলী চৌধুৰীয়ে লালকিল্লা আৰু তাজমহল মুছলমানৰ সম্পদ বুলি ভাষণত উল্লেখ কৰা কথাষাৰৰ স্পষ্টিকৰণ দি উল্লেখ কৰিলে যে, মই সেয়া মুছলমানৰ সম্পদ বুলি কোৱা নাছিলোঁ ৷ মোগলক যদি হিংসা কৰা হয়, তেনেহলে মোগলৰ দিনত নিৰ্মিত লালকিল্লা আৰু তাজমহল কিয় ৰাখিছে বিজেপিয়ে ? তাৰোপৰি ৱাজেদ আলী চৌধুৰীয়ে মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক উভতি ধৰি ক’লে, ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱা মোগলৰ আগ্ৰাসন আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোগলৰ আগ্ৰাসন আৰু এইবাৰ দুটা সভ্যতাৰ যুজঁ হ’ব ইত্যাদি বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে মোগল কাক বুজাইছে আৰু সভ্যতাৰ যুজঁ কাৰ লগত হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে ৱাজেদে । লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীয়ে কোৱা কথাখিনি সাম্প্ৰদায়িক মন্তব্য নহয় নেকি বুলি ওভতাই প্ৰশ্ন উত্থাপন কৰে ৱাজেদে আলী চৌধুৰীয়ে ।

লগতে পঢ়কঃ চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.