ETV Bharat / state

চাপৰত আদিবাসী গণ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Feb 24, 2020, 7:39 PM IST

ধুবুৰী জিলা আছাৰ উদ্যোগত আৰু আদিবাসী জাতীয় মহাসভা (সংগ্ৰামী মঞ্চ) আৰু ৰাইজৰ সহযোগত আদিবাসী লোকসকলক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰি শীঘ্ৰে ‘আদিবাসী শান্তি চুক্তি’ স্বাক্ষৰ কৰাৰ দাবীত অনুষ্ঠিত কৰা হয় গণ বিক্ষোভ কাৰ্যসূচী ৷ উক্ত গণ বিক্ষোভ কাৰ্যসূচীত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাকৰা, ANC সাধাৰণ সম্পাদক বিৰসিং মুণ্ডা আৰু আনফাৰ সভাপতি বিৰেন মিৰ্ধাকে ধৰি বহু সংখ্যক নেতা উপস্থিত থাকে ৷

Sapar Adiwasi Gana Bikhyov
চাপৰত আদিবাসী গণ বিক্ষোভ কাৰ্যসূচী

ধুবুৰী,24 ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ চাপৰৰ চৈৱাৰী চাহ বাগিচাৰ হাটখলা খেলপথাৰত অনুষ্ঠিত হয় আদিবাসী গণ বিক্ষোভ কাৰ্যসূচী ৷ ধুবুৰী জিলা আছাৰ উদ্যোগত আৰু আদিবাসী জাতীয় মহাসভা (সংগ্ৰামী মঞ্চ) আৰু ৰাইজৰ সহযোগত আদিবাসী লোকসকলক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰি শীঘ্ৰে ‘আদিবাসী শান্তি চুক্তি’ স্বাক্ষৰ কৰাৰ দাবীত অনুষ্ঠিত কৰা হয় এই গণ বিক্ষোভ কাৰ্যসূচী ৷ উক্ত গণ বিক্ষোভ কাৰ্যসূচীত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাকৰা, ANC সাধাৰণ সম্পাদক বিৰসিং মুণ্ডা আৰু আনফাৰ সভাপতি বিৰেন মিৰ্ধাকে ধৰি বহু সংখ্যক নেতা উপস্থিত থাকে ৷

চাপৰত আদিবাসী গণ বিক্ষোভ কাৰ্যসূচী

শাসকীয় বিজেপি চৰকাৰখনে আদিবাসী সকলক ভাগ ভাগ কৰি বিভাজনৰ ৰাজনীতি কৰিব বিচৰা বুলি মন্তব্য কৰে আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাকৰাই ৷ আদিবাসী সকলৰ ছয়টাকৈ সশস্ত্ৰপন্থী যুদ্ধ বিৰতিত আছে ৷ তেওঁলোককো চৰকাৰে শান্তি চুক্তি কৰাৰ বাবে আহ্বান জনাব লাগে ৷ অন্যথা অনাগত দিনত ভয়নাক পৰিস্থিতিৰ সৃষ্টি হ’লে ইয়াৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি কয় আনফাৰ কাৰ্যকৰী সভাপতি বিৰেণ মিৰ্ধাই ৷

লগতে পঢ়ক-বৰ্তমানেও পৰিৱৰ্তন নহ'ল গ্ৰামাঞ্চলৰ বহু বাট-পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.