ETV Bharat / state

সৰ্থেবাৰীত উদ্ধাৰ ধুবুৰীৰ ছাত্ৰ

author img

By

Published : Dec 15, 2020, 7:21 PM IST

বৰপেটাত উদ্ধাৰ ধুবুৰীৰ ছাত্ৰ ৷ অচিনাকী লোকে অপহৰণ কৰি অনা বুলি ছাত্ৰ গৰাকীয়ে আৰক্ষীক অৱগত কৰিছে ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ৷

rescue-dhubri-students-in-sarthebari
সৰ্থেবাৰীত উদ্ধাৰ ধুবুৰীৰ ছাত্ৰ

বৰপেটা, 15 ডিচেম্বৰ : বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পাৰাহকুছিত মঙলবাৰে ৰহস্যজনক ভাৱে এজন অচিনাকি কিশোৰ ঘূৰি ফুৰাত স্থানীয় লোকে সোধাপোচা কৰি কিশোৰজনক সৰ্থেবাৰী আৰক্ষীক গতাই দিয়ে ।

rescue-dhubri-students-in-sarthebari
উদ্ধাৰ হোৱা ধুবুৰীৰ ছাত্ৰজন

সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োই পাৰাহকুছিত উপস্থিত হৈ কিশোৰজনক থানালৈ লৈ আনে ৷ কিশোৰজন ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত চৈবাৰী চাহবাগানৰ ৰিবেন মালপাহাৰীয়াৰ পুত্ৰ বিজু মালপাহাৰীয়া (13) বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বিদ্যালয়ৰ সাজতে আঘোনৰ পথাৰত এজাক দাৱনিৰ ৰূপত মাজুলীৰ শিক্ষাৰ্থী

কিশোৰজনক পৰিয়ালক গতাই দিয়াৰ বাবে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৱে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সতে যোগাযোগ অব্যাহত ৰাখিছে । কিশোৰজন হাঁহডুবা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বুলি কিশোৰজনে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, কিশোৰজনক কোনো দুষ্ট চক্ৰই সোমবাৰে সন্ধিয়া চকুত কাপোৰ বান্ধি নিচাজাতীয় দ্ৰব্য খুৱাই অপহৰণ কৰি আনি পাৰাহকুছিত এৰি যোৱা বুলি স্থানীয় লোকক জানিবলৈ দিয়ে কিশোৰজনে ।

লগতে পঢ়ক : প্ৰখ্যাত এৰ'স্পেছ বৈজ্ঞানিক পদ্ম বিভূষণ ৰোড্ডাম নৰসিমহাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.