ETV Bharat / state

চৰম অৰ্থ সংকটত গুৰুজনাই স্থাপন কৰা শ্ৰী শ্ৰী ৰামৰাইকুঠী সত্ৰ

author img

By

Published : Aug 11, 2020, 10:02 PM IST

Updated : Aug 11, 2020, 11:02 PM IST

লক্ ডাউনত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ সত্ৰ আৰু মঠ-মন্দিৰ সমূহ ৷ এনেকুৱা আৰ্থিক সংকটত ভোগা আঠখন সত্ৰ আছে পশ্চিম বংগত ৷ ধুবুৰী জিলাৰ ভাৰত বাংলা সীমান্তৱৰ্তী ধুবুৰী জিলাৰ ছয়খন সত্ৰৰ ভিতৰত অন্যতম হৈছে ভাৰত-বাংলা সীমান্তৰ সত্ৰশালত অৱস্থিত শ্ৰী শ্ৰী ৰামৰাইকুঠীসত্ৰ । গুৰুজনাৰ নিজৰ হাতেৰে নিৰ্মাণ কৰা এইখন সত্ৰ আজি চৰম সংকটত ।

Ramrai kuthi Satra facing economic problem
Ramrai kuthi Satra facing economic problem

ধুবুৰী, 11 আগষ্ট : আৰ্থিক সংকটে বিপদ মাতিছে দেশ তথা ৰাজ্যৰ ভিন্ন খণ্ডলৈ ৷ বিশেষকৈ কৰ’ণা মহামাৰীৰ বাবে দেশত ঘোষণা কৰা দীৰ্ঘদিনীয়া লক্ ডাউনে আৰ্থিকভাৱে জুৰুলা কৰিলে এচাম লোকক ৷ তাৰোপৰি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ সত্ৰ আৰু মঠ-মন্দিৰ সমূহো ৷ কিয়নো লক্ ডাউনৰ বাবে ভক্ত আৰু দৰ্শনাৰ্থীৰ আগমণ ঘটা নাই এইসমূহ স্থানলৈ ৷ সম্প্ৰতি ৰাইজৰ দান-বৰঙণিৰে চলি আছে বহুকেইখন সত্ৰ ৷

Ramrai kuthi Satra facing economic problem
ৰামৰাইকুঠী সত্ৰ

এনেকুৱা আৰ্থিক সংকটত ভোগা আঠখন সত্ৰ আছে পশ্চিম বংগত ৷ ধুবুৰী জিলাৰ ভাৰত বাংলা সীমান্তৱৰ্তী ধুবুৰী জিলাৰ ছয়খন সত্ৰৰ ভিতৰত অন্যতম হৈছে ভাৰত বাংলা সীমান্তৰ সত্ৰশালত অৱস্থিত শ্ৰী শ্ৰী ৰামৰাইকুঠীসত্ৰ । গুৰুজনাৰ নিজৰ হাতেৰে নিৰ্মাণ কৰা এইখন সত্ৰ আজি চৰম সংকটত ।

সত্ৰখন যাত্ৰী আৰু পৰ্যটকৰ বৰঙণিৰে চলে যদিও দীঘলীয়া লক্ ডাউন আৰু কৰণাতংকৰ বাবেই যোৱা ছয় মাহৰ পৰা একপ্ৰকাৰ জনশূন্য হৈ পৰিছে ৰামৰাইকুঠীসত্ৰ । বছৰি খৰচ কৰিবলগীয়া প্ৰয়োজনীয় ধনখিনিও যোগাৰ হোৱা নাই সত্ৰৰখনৰ ৷ যাৰ ফলত ৰাইজৰ ওচৰত হাত পাতিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে সত্ৰ পৰিচালনা সমিতিৰ ৷ আনহাতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া টকাও মোকলাই নিদিয়াৰ অভিযোগ তুলিছে অসম সত্ৰ মহাসভাই ৷

Ramrai kuthi Satra facing economic problem
লেহেমীয়া গতিত চলিছে ৰাইৰাইকুঠী সত্ৰৰ মেৰামতি

ইপিনে জহি-খহি যোৱা শ্ৰী শ্ৰী ৰামৰাইকুঠীসত্ৰ মেৰামতিৰ বাবে দীৰ্ঘদিনীয়া দাবীৰ অন্তত অসম চৰকাৰে সত্ৰৰ নামঘৰ আৰু মণিকূটৰ নিৰ্মাণৰ বাবে দুবছৰ পূৰ্বে মোকোলাই দিয়ে ১ কোটি ৩৬ লক্ষাধিক টকা । কিন্তু নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হোৱাৰ বাবে বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছে সত্ৰখনত ৷ আনহাতে সত্ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে থকা ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে ।

চৰম অৰ্থ সংকটত গুৰুজনাই স্থাপন কৰা শ্ৰী শ্ৰী ৰামৰাইকুঠী সত্ৰ

উল্লেখ্য যে, নামনি অসমৰ ধুবুৰী জিলাৰ ছয়খনকৈ সত্ৰৰ লগতে পশ্চিম বংগত আছে মধুপুৰ সত্ৰকে ধৰি আঠখনকৈ সত্ৰ । ইয়াৰে কেৱল দুখনকৈ সত্ৰত চৰকাৰী অনুদান দিয়া হৈছে যদিও বাকী সমূহৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই বুলি অভিযোগ উঠিছে । শীঘ্ৰেই অসমৰ গুৰুজনাৰ সত্ৰ সমূহ জীয়াই ৰক্ষাৰ স্বাৰ্থত চৰকাৰক অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে অসম সত্ৰ মহাসভাই ৷

লগতে পঢ়ক : কামাখ্যা মন্দিৰৰ নামত ছ'চিয়েল মিডিয়া যোগে ধন সংগ্ৰহ দুষ্টচক্ৰৰ

Last Updated : Aug 11, 2020, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.