মুকলি প্ৰত্যাহ্বান জনোৱা ৰাহুল প্ৰসাদক এনকাউণ্টাৰ ধুবুৰী আৰক্ষীৰ

author img

By

Published : Oct 18, 2021, 10:37 PM IST

Rahul Prasad encounter by Dhubri police

মুকলি প্ৰত্যাহ্বান জনোৱা ড্ৰাগছ মফিয়া ৰাহুল প্ৰসাদক এনকাউণ্টাৰ কৰিলে ধুবুৰী আৰক্ষীয়ে ৷ শেহতীয়া তথ্য অনুসৰি দীৰ্ঘদিনে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকা ৰাহুল প্ৰসাদক কিছুদিন পূৰ্বে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ।

ধুবুৰী, 18 অক্টোবৰ : আৰক্ষীৰ মজিয়াৰ পৰাই মুকলি প্ৰত্যাহ্বান জনোৱা ড্ৰাগছ মফিয়া ৰাহুল প্ৰসাদক এনকাউণ্টাৰ কৰিলে ধুবুৰী আৰক্ষীয়ে ৷ শেহতীয়া তথ্য অনুসৰি দীৰ্ঘদিনে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকা ৰাহুল প্ৰসাদক কিছুদিন পূৰ্বে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল । তাৰ পিছত পুনৰ শনিবাৰে নিশা ৰাহুল প্ৰসাদৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ৰাহুলৰ সৈতে আৰু দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে ।

গ্ৰেপ্তাৰ কৰা ৰাহুল প্ৰসাদৰ লগতে আন দুটা হৈছে ৰাকেশ দাস আৰু আবু তালেপ মোল্লাহ ৷ গ্ৰেপ্তাৰ হোৱাৰ পাচতে আৰক্ষী থানাতে মুকলি প্ৰত্যাহ্বান দিছিল ড্ৰাগছ মাফিয়া ৰাহুলে । ইয়াৰ পাচতে ড্ৰাগছ মাফিয়া ৰাহুলক লগত লৈ আন এক অভিযান চলাই ধুবুৰী আৰক্ষীয়ে ৷ প্ৰথমতে ৰাহুলৰ ঘৰত অভিযান চলাই কিছু ড্ৰাগছ জব্দ কৰে ধুবুৰী আৰক্ষীয়ে ৷

মুকলি প্ৰত্যাহ্বান দিয়া ৰাহুল প্ৰসাদক এনকাউণ্টাৰ ধুবুৰী আৰক্ষীৰ

লগতে পঢ়ক: অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

পৰৱৰ্তী সময়ত শৌলমাৰীৰ অঞ্চলৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাবলৈ গৈছিল ধুবুৰী আৰক্ষীয়ে ৷ উক্ত অভিযানৰ সময়তে সুযোগ গ্ৰহণ কৰি পলায়নৰ চেষ্টা কৰিছিল ড্ৰাগছ মাফিয়া ৰাহুল প্ৰসাদে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, ধুবুৰী আৰক্ষীৰ অভিযানকাৰী দলটোক আক্ৰমণৰ চেষ্টাও কৰিছিল ড্ৰাগছ মাফিয়া ৰাহুলে ৷

যাৰ পৰিপেক্ষিতত গুলিচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে ৷ মাফিয়া ৰাহুলৰ সোঁ ভৰিত গুলিয়াই আৰক্ষীয়ে ৷ গুৰুত্বভাৱে আহত ৰাহুলক ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ইফালে, ড্ৰাগছ সৰবাৰহকাৰী ৰাকেশ দাস আৰু আবু তালেপক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক: IPL জুৱাৰী অশোক জৈন আৰু মনোজ জৈন ঘৰত অপৰাধ শাখাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.