অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

author img

By

Published : Oct 18, 2021, 6:59 PM IST

ajycp-leader-palash-sangmai-says-there-is-a-design-going-on-in-assam-to-establish-bangla-as-the-main-language-of-the-state

অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলি থকাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ । অসমীয়া ভাষাত ক’লা ৰং লগোৱা বঙালী সংগঠনৰ বিৰুদ্ধে চৰকাৰে নিজাকৈ গোচৰ ৰুজু কৰাৰো দাবী পলাশ চাংমাইৰ ।

গুৱাহাটী, ১৮ অক্টোবৰ : 'অসমীয়া বাপুতিসাহোন কাতি বিহুৰ দিনটোত অসমত অৱহেলিত আৰু অপমানিত অসমীয়া ভাষা । জাতিৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক কথা একো নাই'- এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ ৷

বৰাকত একাংশ অসম আৰু অসমীয়া বিৰোধী বঙালী সংগঠনে অসমীয়া ভাষাত প্ৰকাশিত চৰকাৰৰ জল-জীৱন মিছনৰ বিজ্ঞাপনত ক’লা ৰং সানি অসমীয়া ভাষাক কৰা অপমানৰ বিৰুদ্ধে সোচ্চাৰ হৈ সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয় - ''একাংশ বঙালী দল সংগঠন তথা ব্যক্তিয়ে বিশেষ ডিজাইন কৰি কৰি অসমীয়াৰ সমানে বঙালীৰ সমতা স্থাপন কৰিব বিচাৰিছে । অসমীয়া ভাষাৰ সমান্তৰালকৈ বঙালী ভাষাত সমতা স্থাপন কৰি আগবাঢ়ি যাব খোজে।''

অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰতিষ্ঠাৰ ডিজাইন চলিছে অসমত : পলাশ চাংমাই

তেওঁ লগতে কয় যে দিনক দিনে হ্ৰাস পাইছে অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা । এইদৰে অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা হ্ৰাস পালে বাংলা ভাষী লোক সকলে অসমত বাংলা ভাষাক প্ৰধান ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ চিন্তা প্ৰকাশ কৰে ৷

ইয়াৰোপৰি তেওঁ কয় যে, চৰকাৰী বিজ্ঞাপনত ব্যৱহাৰ হোৱা অসমীয়া ভাষাত ক’লা ৰং লগাই অসমীয়া ভাষাক বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে চৰকাৰে নিজাকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগিছিল; কিন্তু কৰা নাই । এইটোৱে জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কথা বুলিও অভিহিত কৰে তেওঁ ৷

বিজেপি, কংগ্ৰেছ পৰা আৰম্ভ কৰি প্ৰতিটো দলকে এইসকলৰ ভোটৰ প্ৰয়োজন, ফলত শাসক-বিৰোধীৰ উভয়ে ভাষা বিৰোধীৰ কাণ্ডক লৈ আজি নিমাত বুলি উল্লেখ কৰো চাংমাই ৷ তেওঁ লগতে কয়, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা যিদৰে প্ৰয়োগ হ'ব লাগিছিল সেইদৰে হৈ উঠা নাই ।

ৰাজ্য চৰকাৰক আহ্বান জনাই জাতীয় সংগঠনটোৰ শীৰ্ষ নেতা গৰাকীয়ে কয়, চৰকাৰী কাৰ্যালয় পৰা আৰম্ভ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফলক সমূহত অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে । ১০০ শতাংশ অসমীয়া ভাষা প্রয়োগ চৰকাৰী কাৰ্যালয়ত নিশ্চিত কৰিব লাগে । ইয়াৰ লগতে, বিদ্যালয়-মহাবিদ্যালয়তো অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী জনায় তেওঁ ।

লগতে পঢ়ক : অৰুণাচলত চীন সীমান্তত মানৱবিহীন বিমান আৰু বিমান সম্পদৰ মোতায়েন বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.