ETV Bharat / state

Cattle smuggling in Assam : 51 টা পশুধনসহ 24 পশুধন সৰবৰাহকাৰী আৰক্ষীৰ জিম্মাত

author img

By

Published : Jul 29, 2023, 9:46 AM IST

Cattle smuffling in Assam
51 টা পশুধনসহ 24 পশুধন সৰবৰাহকাৰী আৰক্ষীৰ জিম্মাত

বাংলাদেশলৈ পশুধনৰ চোৰাং বেহা অব্যাহত । হাটশিঙিমাৰী সীমান্তৰ শিশুমাৰা চৰত আৰক্ষী-বিএছএফৰ অভিযান । বৃহৎ পৰিমাণৰ চোৰাং পশুধন সহ গ্ৰেপ্তাৰ 24 চোৰাং সৰবৰাহকাৰী ।

পশুধনৰ চোৰাং বেহা অব্যাহত

ধুবুৰী, 29 জুলাই : কঠোৰ গো-সুৰক্ষা আইন ৰাজ্যত বলবৎ হোৱাৰ পিচতো ৰাজ্যত কমা নাই পশুধনৰ অবৈধ সৰবৰাহ ৷ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ ভাৰত-বাংলা সীমান্ত অঞ্চলেদি বাংলাদেশলৈ অবৈধভাৱে ম’হৰ সৰবৰাহ হৈ আহিছে । বিগত দিনত দক্ষিণ শালমাৰা মানকাচাৰ সীমান্ত অঞ্চলৰ পৰা আৰক্ষী প্ৰশাসনে বৃহৎ পৰিমাণৰ চোৰাং ম’হ জব্দ কৰিবলৈ সক্ষম হৈছে । তেনে সময়তে পুনৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ শিশুমাৰা চৰত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযান চলায় ।

অভিযানত 51 টা পশুধনসহ 24 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । জানিব পৰা মতে, দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ উন্মুক্ত সীমান্ত তথা কালিৰ আলগা আৰু নতুন দেৱানেৰ আলগাৰ মাজৰ শিশুমাৰা চৰত শুকুৰবাৰৰ পুৱা সীমান্ত সুৰক্ষা বাহিনীৰ লগতে আৰক্ষীয়ে এক যৌথ অভিযান চলায় । দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ আৰু খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰেন ভাংৰুমৰ নেতৃত্বত আৰক্ষীৰ দলে শিশুমাৰা সীমান্ত সুৰক্ষা চকীৰ 45 নং বি এন বি এছ এফৰ সহযোগত শুকুৰবাৰৰ পুৱতি নিশাৰে পৰা শিশুমাৰা চৰটোক ঘেৰাও কৰি অভিযান চলায় । আৰক্ষী আৰু বি এছ এফৰ এই যুটীয়া অভিযানত শিশুমাৰা চৰৰ পৰা 49 টা ম'হৰ লগতে 2 টা গৰুসহ 51 টা পশুধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত 24 সৰবৰাহকাৰীৰ ভিতৰত আছে সুখচৰ আৰক্ষী থানা এলেকাৰ শ্বাহেনুৰ শ্বেখ (35), হাশেম আলী (35), মুছাদ্দুৰ ভূঞা(19), জাহিদুৰ ইছলাম (23), আনোৱাৰ হুছেইন (21), ৰফিক শ্বেখ (26), আনোৱাৰ হুছেইন মণ্ডল (21), আতাউৰ ৰহমান, ৰবিউল মণ্ডল (20), বক্কাৰ আলী (35), আনোৱাৰ খাঁ (29), ৰবুৰ আলী (25), মুখতাৰ আলী, মমিনৰ ইছলাম (21), বাবৰ আলী (31), মনোৱাৰ হুছাইন (22), বহুত আলী (37), মনছেৰ আলী ভূঞা (21), জুব্বাৰ আলী (30), আক্কাচ আলী (28), মজিদুৰ ৰহমান (22) আৰু খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ খাজিৰ আকন্দ (22),জাহাঙ্গীৰ মণ্ডল (30), বক্কাৰ আলী (45) ।

24 পশুধনৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । শনিবাৰে অবৈধভাৱে পশুধন সৰবৰাহ কৰা সৰবৰাহকাৰীক আৰক্ষীয়ে আদালতত হাজিৰ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Flood affected people in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে দুৰ্বিষহ কৰি তুলিছে ধেমাজিবাসীৰ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.