ETV Bharat / state

ভৰ লুইতৰ খহনীয়াত বিপদাপন্ন দক্ষিণ শালমাৰা

author img

By

Published : Aug 10, 2020, 4:57 PM IST

Updated : Aug 10, 2020, 7:44 PM IST

দক্ষিণ শালমাৰা
দক্ষিণ শালমাৰা

ভৰা লুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে দক্ষিণ শালমাৰা সমষ্টিৰ বৃহত্তৰ ফকিৰগঞ্জকে ধৰি কেইবাটাও অঞ্চলত ৷ মানচিত্ৰৰ পৰা নিচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে দক্ষিণ শালমাৰা সমষ্টিৰ বহু অঞ্চল ৷

ধুবুৰী, 10 আগষ্ট: দক্ষিণ শালমাৰা সমষ্টিৰ বৃহত্তৰ ফকিৰগঞ্জ অঞ্চল ৷ এসময়ত বহু পৰিয়ালৰ বসতিৰে ভৰা এই অঞ্চল সম্প্ৰতি নিচিহ্ন হোৱাৰ পথত ৷ কিয়নো ভৰা লুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে বৃহত্তৰ অঞ্চলটোত ৷ লুইতৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ, সা-সম্পত্তিকে ধৰি ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ ৷ প্ৰতি বছৰেই বানৰ এনে তাণ্ডৱৰ সন্মুখীন হৈ সৰ্বস্ব হেৰুৱাই আহিছে অঞ্চলটোৰ লোক সকলে ৷ অঞ্চলটোৰ প্ৰায় 10 -12 খন গাঁৱৰ অতি কমেও 2500 লোকৰ ঘৰ-বাৰী ইতিমধ্যে জাহ গৈছে লুইতৰ খহনীয়াত ৷

লুইতৰ খহনীয়াই তাণ্ডৱ চলাই সৃষ্টি কৰা অঞ্চলটোৰ লোকৰ সমস্যাক কিন্তু আদি পৰ্যন্ত কাণসাৰ নিদিলে জলসম্পদ বিভাগ, জিলা প্ৰশাসন কিম্বা জনপ্ৰতিনিধিয়ে ৷ আজিলৈ সাহায্যৰ নামত একো নাপালে সৰ্বস্বান্ত বানাক্ৰান্তই ৷ এইয়া স্থানীয় ৰাইজৰ অভিযোগ ৷

ভৰ লুইতৰ খহনীয়াই বিপদাপন্ন কৰিছে ফকিৰগঞ্জৰ বিস্তৰ অঞ্চল
ভৰ লুইতৰ খহনীয়াই বিপদাপন্ন কৰিছে ফকিৰগঞ্জৰ বিস্তৰ অঞ্চল

প্ৰতি বছৰেই দক্ষিণ শালমাৰা সমষ্টিৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি খহনীয়াৰ গৰাহত পৰি নোহোৱা হৈ আহিছে যদিও সেই অঞ্চলসমূহত আজিলৈ ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বানৰ সময়ত আহি শাসকীয় দলৰ বিধায়ক সকলে সমস্যাবোৰ লিখি লৈ যায় যদিও শেষত সকলো ফুটুকাৰ ফেনত পৰিণত হয়গৈ ৷

ভৰ লুইতৰ খহনীয়াই বিপদাপন্ন কৰিছে দক্ষিণ শালমাৰাৰ অস্তিত্বক

বিভিন্ন সময়ত বাঁহ আৰু আৰ চি চি পাৰ্কুপাইনৰ ব্যৱস্থা কৰিছে যদিও, সেইবোৰৰ নামত অহা ধন কেনেকৈ আত্মসাৎ কৰি নিজৰ জীৱনব সুচল কৰিব পাৰে তাক লৈহে জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষই চিন্তা-চৰ্চা কৰি আহিছে বুলি অভিযোগ একাংশৰ ৷

দীৰ্ঘদিনে বান-খহনীয়াত দুৰ্ভোগ ভুগি অহা ৰাইজে সম্প্ৰতি সহায়ৰ লগতে সেই অঞ্চলসমূহৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে আহ্বান জনাইছে চৰকাৰক ৷ কিয়নো বানৰ গৰাহত পৰি দক্ষিণ শালমাৰা সমষ্টিৰ বহু অঞ্চল এতিয়া মানচিত্ৰৰ পৰা নাইকীয়া হোৱাৰ উপক্ৰম ঘটিছে ৷ যাক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: পুনৰ জীয়াঢলৰ বানৰ কবলত ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল

Last Updated :Aug 10, 2020, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.