ETV Bharat / state

Assam Police against cow smuggling : ঈদৰ প্ৰাকক্ষণত ধুবুৰীত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা 30 টা গৰু

author img

By

Published : Jul 9, 2022, 10:27 PM IST

Assam Police against cow smuggling
ঈদৰ প্ৰাকক্ষণত হোজাইত জব্দ 30 টা চোৰাংভাৱে সৰবৰাহ কৰা গৰু

ঈদৰ প্ৰাকক্ষণত ধুবুৰী আৰক্ষীৰ আন এক সফলতা ৷ শনিবাৰে দক্ষিণ শালমাৰাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা 30 টা গৰু জব্দ (many smuggled cows seized in Dhubri on eve of Eid) ৷

ধুবুৰী, 9 জুলাই : কালিলৈ ঈদ (Eid ul Adha 2022)৷ ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ঈদৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক কুৰ্বানিৰ সন্দৰ্ভত এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছিল ৷ তাৰ পাচৰ পৰাই সস্তম হৈ আছে ৰাজ্য তথা জিলাৰ প্ৰশাসন (Assam Police against cow smuggling)৷

কিন্তু ইয়াৰ মাজতে ঈদৰ প্ৰাকক্ষণত ধুবুৰীত জব্দ হৈছে চোৰাংভাৱে সৰবৰাহ কৰা কেইবাটাও গৰু (Many smuggled cows seized in Dhubri on eve of Eid) ৷ অভিযোগ অৱনুসৰি, ধুবুৰী আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি একাংশ অসাধু চক্ৰই ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ নদী পথেৰে চোৰাংভাৱে চলাই আহিছে গৰুৰ চোৰাং বেহা ৷ এই সন্দৰ্ভত বিভিন্ন সময়ত ধুবুৰী আৰক্ষীৰ ফালৰ পৰাও চলাই গৈছিল অভিযান ৷

ধুবুৰীৰ দক্ষিণ শালমাৰাৰ সুখচৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দক্ষিণ শালমাৰাৰ ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তয়েদি বাংলাদেশলৈ চোৰাংভাৱে গৰু চালান দিয়াৰ এক তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ আধাৰতে শনিবাৰে ধুবুৰী আৰক্ষীৰ এটা দলে চলাই এক অভিযান ৷

এই অভিযানত আৰক্ষীৰ দলটোৱে পোৰাৰ চৰ আৰু বেৰাভাঙা গাঁৱৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত থকা এখন যন্ত্ৰচালিত নাঁৱৰ পৰা 30 টা গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, জব্দ হোৱা গৰুখিনি চোৰাংভাৱে বাংলাদেশলৈ চালান দিয়াৰ বাবে সেই স্থানলৈ আনিছিল সৰবৰাহকাৰীয়ে ৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই সেই স্থানৰ পৰা পলায়ন কৰে গৰু সৰবৰাকাৰীয়ে ৷

লগতে পঢ়ক : Men arrested with smuggled cow: লখিমপুৰত চোৰাং গৰুসহ চাৰিজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.