ETV Bharat / state

মানকাচৰত নিচাজাতীয় ঔষধসহ দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Nov 10, 2019, 8:28 PM IST

আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মানকাচৰ নিউ মাৰ্কেটত অভিযান চলাই ৪৫৮ টা নিচাজাতীয় AKS-PROIMEVAN নামৰ ঔষধ জব্দ কৰে | ঔষধখিনিৰ লগতে আৰক্ষীয়ে দুজনকৈ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷

মানকাচৰত নিচাজাতীয় ঔষধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মানকাচৰ, 10 নৱেম্বৰঃ মানকাচৰত নিচাজাতীয় ঔষধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মানকাচৰ নিউ মাৰ্কেটত অভিযান চলাই ৪৫৮ টা নিচাজাতীয় AKS-PROIMEVAN নামৰ ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ ঔষধখিনিৰ লগতে আৰক্ষীয়ে দুজনকৈ ব্যৱসায়ীকো আটক কৰে ৷ ধৃত ব্যৱসায়ী দুজন হ’ল মানকাচৰ সৰকাৰ পাৰা নিউ মাৰ্কেটৰ শোনা মিঞা আৰু মানকাচৰ ২নং পুৱেৰ গাওঁৰ ইলিয়াছুৰ ৰহমান ৷

Mankachar police seized drugs
মানকাচৰত আৰক্ষীৰ অভিযান

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি মানকাচৰ সীমান্তৰ পৰা বাংলাদেশলৈ ড্ৰাগছ জাতীয় ঔষধৰ চোৰাং ব্যৱসায় অব্যাহত আছে ৷ সম্প্ৰতি জালত পৰা ধৃত ব্যৱসায়ী দুজনৰ পৰা অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Intro:মানকাচৰত আৰক্ষীৰ অভিযান। নিচাজাতীয় সামগ্ৰী সহ দুজনক গ্ৰেপ্তাৰ ।Body: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আজি মানকাচৰৰ নিউ মাৰ্কেটত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ আৰু লগতে ইয়াৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ এই তালাচীত ৪৫৮ টা নিচাজাতীয় AKS-PROIMEVAN নামৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ চোৰাং বেহাৰ লগত জড়িত থকা দুই জনক গ্ৰেপ্তাৰ কৰে। ধৃত দুজন মানকাচৰ সৰকাৰ পাৰা নিউ মাৰ্কেটৰ শোনা মিঞা আৰু মানকাচৰ ২নং পুৱেৰ গাওঁৰ ইলিয়াছুৰ ৰহমান ।Conclusion:উল্লেখযোগ্য যে, মানকাচৰ সীমান্তৰ পৰা বাংলাদেশলৈ ড্ৰাগছ জাতীয় ঔষধৰ ভয়াৱহ চোৰাং কাৰবাৰ অব্যাহত আছে দীর্ঘ দিনৰে পৰা। বিপৰীতে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীৰ জালত পৰা ধৃত দুই ব্যৱসায়ীৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.