ETV Bharat / state

Suicide over child marriage: বাল্যবিবাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত ডিঙি কাটি আত্মহত্যা

author img

By

Published : Feb 15, 2023, 6:11 PM IST

অসমত বাল্যবিবাহৰ আন এক ভয়ংকৰ পৰিণতি । বাল্যবিবাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত মঙলবাৰে নিশা তিনি সন্তানৰ পিতৃয়ে নিজৰ ডিঙি কাটি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয় (Man committed suicide in fear of arrest)। এই ঘটনাৰ পিচতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে নামনি অসমৰ ধুবুৰী জিলাত ।

Man committed suicide for fear of being arrested for child marriage in Dhubri
বাল্যবিবাহৰ আন এক ভয়ংকৰ পৰিণতি ধুুবুৰীত

বাল্যবিবাহৰ আন এক ভয়ংকৰ পৰিণতি ধুুবুৰীত

ধুবুৰী, 15 ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে বাল্যবিবাহ বিৰোধী অভিযান (Assam Crackdown Against Child Marriage) ৷ বাল্যবিবাহৰ লগত জড়িত থকা প্ৰতিজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশৰ পিচতেই অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰাই বাল্যবিবাহৰ লগত জড়িত থকা বেআইনী স্বামীকে ধৰি পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌলবী আৰু কাজিক আটক কৰিছে (Child marriage in Assam) ৷

ইফালে বাল্যবিবাহৰ লগত জড়িত থকা লোকক আটক কৰাৰ পিচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ (Operation against Child marriage In Assam) ৷ ক’ৰবাত যদি আৰক্ষী চকীৰ সমুখত স্বামীক বিচাৰি হাহাকাৰ কৰিছে পত্নীয়ে, আন ক’ৰবাত আকৌ বাল্যবিবাহক কেন্দ্ৰ কৰি মৃত্যুক সাৱটি লোৱাৰ কেইবাটাও ঘটনা ইতিমধ্যেই সংঘটিত হৈছে ৷ শেহতীয়াকৈ ধুবুৰী, কাৰ্বি আংলং, গোৱালপাৰা, মানকাচৰত বাল্যবিবাহক কেন্দ্ৰ কৰি সংঘটিত হৈছে আত্মহননৰ ঘটনা ৷ এইবাৰ তেনে এক শোকাৱহ ঘটনা সংঘটিত হৈছে ধুবুৰীত ৷ বাল্যবিবাহৰ অপৰাধত আটক হোৱাৰ ভয়ত এজন স্বামীৰ আত্মহনন ৷

ঘটনাৰ বিৱৰণী জানিবলৈ আমি উভতি যাব লাগিব 13 বছৰ আগলৈ ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰাইবাৰী বাঘমাৰা গাঁৱৰ কাশেম আলী প্ৰামানিক নামৰ এজন যুৱকে ২০১১ চনত বিবাহপাশত আৱদ্ধ হৈছিল শ্বৰিফা বেগম নামৰ এগৰাকীৰ লগত । কিন্তু এইখিনিতেই এটা কথা উল্লেখ কৰিব লাগিব যে শ্বৰিফা বেগম তেতিয়া অৰ্থাৎ বিবাহৰ সময়ত আছিল এগৰাকী নাবালিকা আৰু যিটো আইন মতে দণ্ডনীয় ৷ যিয়েই নহওক সেইসময়ত যিহেতু বাল্যবিবাহৰ বিৰুদ্ধে ইমান কঠোৰ অভিযান চলোৱা হোৱা নাছিল ৷ গতিকে আৰক্ষীৰ দৃষ্টিগোচৰ হোৱা নাছিল এই বাল্যবিবাহৰ ঘটনাটো ৷

ইফালে দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰ পিচতে এখন সুখৰ সংসাৰ গঢ় লৈ উঠিছিল দুয়োৰে মাজত ৷ কাশেম আৰু শ্বৰিফাৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে এটা এটাকৈ তিনিটাকৈ সন্তান জন্ম দিয়ে শ্বৰিফাই । ইয়াৰে এটি সন্তানৰ বয়স ১০ বছৰ, আনটি সন্তানৰ বয়স ৮ বছৰ আৰু এটি সন্তান জন্ম হৈছে মাত্ৰ ১৯ দিন পূৰ্বে ৷ কিন্তু শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক দিয়া নিৰ্দেশৰ খবৰ মোবাইল যোগে লাভ কৰিছিল কাশেমে (Man committed suicide over child marriage in Dhubri) ৷

স্থানীয় লোক জানিব দিয়া অনুসৰি তাৰ পিচছতেই বাল্যবিবাহৰ অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত যোৱা কেইবাদিন ধৰি আত্মগোপন কৰি আছিল কাশেম আলীয়ে ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ হোৱাৰ ভয়ে প্ৰতিটো মুহূৰ্তত খেদি ফুৰিছিল কাশেমক ৷ অৱশেষত আত্মগোপন কৰি ভাঙি পৰিছিল কাশেম ৷ তাৰ পিচতেই কাশেমে ল’লে এক অকাম্য সিদ্ধান্ত ৷ মঙলবাৰে পুৱতি নিশা চোকা অস্ত্ৰৰে নিজৰ ডিঙি কাটি আত্মহত্যা কৰে কাশেম আলী প্ৰামানিকে (Death Incident over Child Marriage in Dhubri) ৷ ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ।

ইয়াৰ পিচতে পৰিয়ালবৰ্গৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ (Man Kills Self Fearing Arrest Amid Child Marriage) ৷ ইফালে কাশেমৰ আত্মহত্যাৰ বাবে সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীক দায়ী কৰিছে ভুক্তভোগী পৰিয়াল তথা স্থানীয় ব্যক্তিয়ে । এতিয়া স্থানীয় ৰাইজৰ চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন এতিয়া শ্বৰিফা আৰু তেওঁৰ তিনি সন্তানৰ দায়িত্ব কোনে ল’ব ? মুখ্যমন্ত্ৰীক ৰাইজে পৰিয়ালটোৰ দায়িত্ব ল’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Death over Child Marriage: বাল্যবিবাহৰ অপৰাধত পুত্ৰক জেললৈ নিয়াৰ বাবেই মাতৃৰ আত্মহনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.