ETV Bharat / state

Ganga Vilas River Cruise : ধুবুৰীৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন ২৮ বিদেশী পৰ্যটকৰ

author img

By

Published : Feb 18, 2023, 7:34 PM IST

উৎসৱ মুখৰ পৰিৱেশৰ সূচনা হৈছে ধুবুৰীৰ আশাৰীকান্দি গাঁৱত । কাৰণ ৰিভাৰ ক্ৰুজ গংগা বিলাসেৰে অহা পৰ্যাটকসকল শনিবাৰে পুৱাৰ ভাগতেই উপস্থিত হয় ধুবুৰীৰ আশাৰীকান্দি টেৰাকোটা শিল্প গাঁৱত (foreign tourists at dhubri)।

Dhubri
Dhubri

ধুবুৰীৰ পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন ২৮ বিদেশী পৰ্যটকৰ

ধুবুৰী, ১৮ ফেব্ৰুৱাৰী : শনিবাৰে দ্বিতীয় দিনৰ বাবেও ছুইজাৰলেণ্ডৰ ২৬ গৰাকী আৰু জাৰ্মানৰ ২ গৰাকীকে ধৰি মুঠ ২৮ গৰাকীকৈ বিদেশী পৰ্যটকেৰে এক অন্য ৰূপ পালে ধুবুৰীৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰই (Switzerland and Germany tourists at Dhubri) । প্ৰথমতে পুৱা প্ৰায় চাৰে ছয় বজাত ৰিভাৰ ক্ৰুজ গংগা বিলাসৰ পৰা নমাই তিনিখনকৈ পৰ্যটকৰ বিশেষ বাহনত পৰ্যটকসকলক ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত আশাৰীকান্দিৰ টেৰাকোটা শিল্প গাঁৱলৈ লৈ যায় প্ৰশাসনে (river cruise Ganga Vilas reached dhubri) ।

পুৱাৰ ভাগত ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটো উপস্থিত হোৱাৰ পিছতেই গাঁওখনৰ মৃৎশিল্পী পৰিয়ালৰ লগতে সৰ্বসাধাৰণ ৰাইজ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় । টেৰাকোটা গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ মাটিৰে নিৰ্মিত বিভিন্ন শিল্পকলা চাই আপ্লুত হৈ পৰে পৰ্যটকসকল (foreign tourists visited Terracotta art village) । আনহাতে, জিলা প্ৰশাসনে পৰ্যটকসকলক অসমীয়া ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । তাৰ মাজতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু কলা-সংস্কৃতি দৰ্শন কৰি বাৰুকৈয়ে আপ্লুত হৈ পৰে এইসকল পৰ্যটক । লগতে বিভিন্ন প্ৰকাৰৰ মাটিৰে নিৰ্মিত শিল্পকলাও তেওঁলোকে ক্ৰয় কৰি লৈ যায় ।

অৱশ্যে মৃৎশিল্পীসকলৰ তৰফৰ পৰাও বহু শিল্প সামগ্ৰী উপহাৰ হিচাপে পৰ্যটকসকলক দিয়া হয় (dhubri asharikandi Terracotta art) । উল্লেখ্য, ২৮ জনীয়া বৃহৎ পৰ্যটকৰ দলটো গাঁওখনত উপস্থিত হোৱাৰ পিছতেই গাঁওখনৰ মৃৎশিল্পী পৰিয়ালবোৰলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে । অৱশ্যে গাঁওখনৰ ৰাইজৰ মনত এটাই দুখ । মাজে মাজে এনে বহু পৰ্যটকৰ আগমন ঘটে গাঁওখনলৈ । কিন্তু তথাপিও গাঁওখনে আজিও উন্নয়নৰ বিপৰীত মেৰুত অৱস্থান কৰি আছে ।

ইতিহাসৰ সাক্ষী বহন কৰা গাঁওখনৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰক গুৰুত্ব আৰোপ কৰিবলৈও দাবী জনাইছে মৃৎশিল্পীসকলে । আনহাতে, আশাৰীকান্দি গাঁৱৰ পৰা পৰ্যটকৰ দলটো পোনে পোনে গৈ উপস্থিত হয় ধুবুৰীৰ গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত । গুৰু নানকৰ লগতে শিখ ধৰ্মৰ গুৰু টেগ বাহাদুৰৰ জীৱনী আৰু ইতিহাসৰ বিষয়ে অধ্যয়ন কৰাৰ পিছতেই পৰ্যটকৰ দলটো উপস্থিত হয় ৰাণী ভিক্টোৰিয়া পাৰ্কত । ১৯০৫ চনত ব্ৰিটিছৰ দিনত স্থাপন কৰা হৈছিল ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি । ৰাণী ভিক্টোৰিয়াৰ ইতিহাস অধ্যয়ন কৰাৰ পিছতেই ২৮ জনীয়া পৰ্যটকৰ দলটো ৰাওনা হয় গোৱালপাৰালৈ ।

ইপিনে এগৰাকী মহিলা বিদেশী পৰ্যটকৰ সৈতে আমেৰিকান ইংৰাজী ভাষাত মিমিক্ৰি কৰি বাতৰি পৰিবেশন কৰাত মহিলা পৰ্যটকগৰাকী বাৰুকৈয়ে আপ্লুত হৈ পৰে । আব্দুল মালেক নামৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে বিবিচিৰ বাতৰি মিমিক্ৰি কৰি পৰিবেশন কৰাৰ ফলত আন এক আমোদ দিয়ে পৰ্যটকসকলক ।

লগতে পঢ়ক :Mahashivratri 2023: মহা শিৱৰাত্ৰি উপলক্ষ্যে টিলিঙা মন্দিৰলৈ অগনন ভক্তৰ আগমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.