ETV Bharat / state

বিলাসীপাৰা জিলা পৰিবহন বিভাগৰ অভিযানত ১৮ খন অবৈধ ই-ৰিক্সা জব্দ

author img

By

Published : Jun 15, 2019, 11:11 AM IST

বিলাসীপাৰা চহৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নথি পত্ৰ বিহীন ই-ৰিক্সাৰ দৌৰাত্ম্যই পথচাৰীক অতীষ্ঠ কৰি তুলাৰ অভিযোগ উত্থাপিত হৈ আহিছে বহুদিনৰ পৰা ৷

বিলাসীপাৰা জিলা পৰিবহন বিভাগৰ অভিযানত ১৮ খন অবৈধ ই-ৰিক্সা জব্দ

বিলাসীপাৰা,১৫ জুন : শুকুৰাবৰে বিলাসীপাৰাত ধুবুৰী জিলা পৰিবহণ বিভাগে আৰক্ষীৰ সহযোগত এক অভিযান চলাই ১৮ খন অবৈধ ই-ৰিক্সা জব্দ কৰে । জিলা পৰিবহণ বিভাগৰ যান বাহন পৰিদৰ্শকৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে নথি পত্ৰ বিহীন ভাৱে চলাচল কৰা ই-ৰিক্সা জব্দ কৰে ।

বিলাসীপাৰা জিলা পৰিবহন বিভাগৰ অভিযানত ১৮ খন অবৈধ ই-ৰিক্সা জব্দ

জব্দকৃত ই-ৰিক্সাসমূহ বিলাসীপাৰা জিলা পৰিবহণ বিভাগে, বিলাসীপাৰা আৰক্ষীক গতাই দিয়ে। অৱশ্যে আৰক্ষীয়ে নথি পত্ৰ বিহীন ই-ৰিক্সা সমূহ জব্দ কৰে যদিও কোনো এজন চালকক আটক কৰা নাই। ইপিনে অহা দুই মাহৰ ভিতৰত পঞ্জীয়ন নথকা ই ৰিক্সা সমূহৰ পঞ্জীয়ন কৰাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ উলিয়াই নিবলৈ নিৰ্দেশ দিয়ে পৰিদৰ্শক গৰাকীয়ে ৷ অন্যথা জিলা পৰিবহণ বিভাগটোৱে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই পৰিদৰ্শক গৰাকীয়ে ৷ উল্লেখ্য যে বিলাসীপাৰা চহৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নথি পত্ৰ বিহীন ই-ৰিক্সাৰ দৌৰাত্ম্যই পথচাৰীক অতীষ্ঠ কৰি তুলাৰ অভিযোগ উত্থাপিত হৈ আহিছে । তেনে সময়তে জিলা পৰিবহণ বিভাগৰ এনে অভিযান ব্যাপক চৰ্চিত বিষয় হৈ পৰিছে ।

Intro:Slug:Bilasipara.Seized illegal e-rickshaw,
15/6/19
A. I - বিলাসীপাৰাত ধুবুৰী জিলা পৰিবহন বিভাগৰ অভিযান | শুকুৰবাৰে সন্ধিয়াৰ ভাগত বিলাসীপাৰা আৰক্ষীৰ সহযোগত চলোৱা অভিযানত ১৮ খন অবৈধ ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয় | ধুবুৰী জিলা পৰিবহন বিভাগৰ যান বাহন পৰিদৰ্শকৰ নেতৃত্বত চলোৱা অভিযানত নথি পত্ৰ বিহীন ভাবে চলাচল কৰা ১৮ খন ই-ৰিক্স জব্দ কৰে যদিও কোনো এজন চালকক ৰহস্যজনক ভাবে আটক কৰা নাই Body:উল্লেখ্য যে বিলাসীপাৰা চহৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নথি পত্ৰ বিহীন ই-ৰিক্সাৰ দৌৰাত্ম্যই অতীষ্ঠ কৰি তুলিছে পথচাৰীক | তেনে সময়তে জিলা পৰিবহন বিভাগৰ এনে অভিযান ব্যপক চৰ্চিত বিষয় হৈ পৰিছে | জব্দকৃত ই-ৰিক্সা সমূহ বিলাসীপাৰা আৰক্ষীক গতাই দিয়ে | অহা দুই মাহৰ ভিতৰত পঞ্জীয়ন নথকা ই ৰিক্সা সমূহৰ পঞ্জীয়ন কৰাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ উলিয়াই নিবলৈ নিৰ্দেশ দিয়ে পৰিদৰ্শক গৰাকীয়ে | অন্যথা ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব জিলা পৰিবহন বিভাগ টোৱে |Conclusion:Bite MVI Dhubri,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.