ETV Bharat / state

ধুবুৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : May 7, 2021, 10:47 PM IST

Updated : May 7, 2021, 11:00 PM IST

ধুবুৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
ধুবুৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযান । অভিযান কালত জব্দ হৈছে কফ চিৰাফ, ব্ৰাউন চুগাৰ আৰু নগদ ধনৰ লগতে চোকা অস্ত্ৰসহ বহু আপত্তিজনক সামগ্ৰী ।

ধুবুৰী,7মে: ধুবুৰীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। নিষিদ্ধ ড্ৰাগছৰ বেহাত নামি পৰিছে এতিয়া একাংশ নৱ প্ৰজন্ম । ড্ৰাগছৰ বিৰুদ্ধে শুকুৰবাৰে অভিযানত নামিল ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষী । গৌৰীপুৰৰ দক্ষিণ টিয়ামাৰী অঞ্চলত ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীয়ে চলাইছিল যুটীয়া ভাবে অভিযান চলাই । অভিযানকাৰী দলটোৱে এখন চাৰি চকীয়া বাহনৰ পৰা জব্দ কৰে কফ চিৰাফ, ব্ৰাউন চুগাৰ, আৰ চেভেন টেবলেট আৰু নগদ ধন, চোকা অস্ত্ৰ সহ বহু আপত্তিজনক সামগ্ৰী ।

ধুবুৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ইপিনে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ ইতিমধ্যে চাৰিজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী কেইটা হৈছে হাফিজুৰ ৰহমান, ৰফিকুল ইছলাম, আমিৰ আলী আৰু নিশাৰ আমিন । সম্প্ৰতি চাৰিওজন যুৱকক ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । তাৰ সমান্তৰাল ভাৱে অনাগত দিনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ধুবুৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
ধুবুৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
লগতে পঢ়কঃ ক'ভিড জয় কৰি ঘৰলৈ উভতিল হোমেন বৰগোহাঞি
Last Updated :May 7, 2021, 11:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.