ETV Bharat / state

দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Nov 30, 2019, 7:06 PM IST

য়ুবা( YABA) নামৰ ৮১০০ টা ড্ৰাগছজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী জন ভালুক কান্দি গাঁৱৰ বাসিন্দা জয়নাল আবেদিনৰ পুত্ৰ ৰিজাউল কৰিম

দক্ষিণ শালমাৰা
দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

দক্ষিণ শালমাৰা, 30 নৱেম্বৰঃ দক্ষিণ শালমাৰাত নিচা জাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী । য়ুবা ( YABA) নামৰ ৮১০০ টা নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী জন ভালুক কান্দি গাঁৱৰ ৰিজাউল কৰিম নামৰ লোকজনক ৷ গোপন সূত্ৰৰ ভিত্তিতে সীমান্ত সুৰক্ষা বাহিনী আৰু দক্ষিণ শালমাৰা আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে ড্ৰাগছসহ সৰবৰাহকাৰীজনক ৷ আনহাতে,অধিক তথ্যৰ বাবে ৰিজাউল কৰিমৰ ওপৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি সদৰী কৰে দক্ষিণ শালমাৰা আৰক্ষীয়ে ৷

দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

লগতে পঢ়কঃ গুৱাহাটীত নিৰ্মাণ কৰা হ'ল প্লাষ্টিকৰ পথ

Intro:দক্ষিণ শালমাৰাত ড্ৰাগছজাতীয় দ্ৰব্য সহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
Body: দক্ষিণ শালমাৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছজাতীয় দ্ৰব্য সহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি সীমান্ত সুৰক্ষা বাহিনী আৰু দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ যৌথ অভিযানত ভালুক কান্দি গাৱঁৰ পৰা য়ুবা ( YABA) নামৰ ৮১০০ টা ড্ৰাগছজাতীয় টেবলেট সহ উক্ত গাৱঁৰ বাসিন্দা জয়নাল আবেদিনৰ পুত্ৰ ৰিজাউল কৰিমক আটক কৰে আৰক্ষীয়ে। Conclusion:অধিক তথ্যৰ বাবে আটক সৰবৰাহকাৰী জনক মাৰাথন জেৰা অব্যাহত ৰাখিছে দক্ষিণ শালমাৰা আৰক্ষীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.